শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

গুৱাহাটীত অ’ এল এক্স বিজ্ঞাপনৰ নামত প্ৰৱঞ্চকে লুটিলে ফটো সাংবাদিকৰ কেমেৰা…

283

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্মাৰ্ট আৰক্ষীৰ গিজগিজাই থকাৰ মাজতে গুৱাহাটী মহানগৰীত প্ৰৱঞ্চকে লুটি নিলে ফটো সাংবাদিক দিপাংকৰ বৰুৱাৰ কেমেৰা । ঘটনাৰ বিৱৰণী অনুসৰি অ’ এল এক্স নামৰ প্ৰতিষ্ঠানটোত সাংবাদিক গৰাকীয়ে নিজৰ ডি এছ এল আৰ কেমেৰাটো বিক্ৰীৰ বাবে বিজ্ঞাপন দিছিল ।

বিজ্ঞাপনটো লাভ কৰি বৰা চাৰ্ভিছৰ জনৈক ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে কেমেৰা ক্ৰয় কৰাৰ বাবে ফোনত বন্দবস্ত হয়। সেই অনুসৰি পুৱা ১০ বজাত বৰা চাৰ্ভিছৰ তেল ডিপোত নিজৰ কেমেৰাটো লৈ বিক্ৰীৰ বাবে ব্যক্তিগৰাকীৰ ঠিকনাত উপস্থিত হয় সাংবাদিক দিপাংকৰ । তাৰপিছত ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে কেমেৰা লৈ নিজৰ গৃহত টকা আনিবলৈ গৈ ওলাই নহাত সাংবাদিক দিপাংকৰ সন্দেহ ওপজাত ব্যক্তি গৰাকীৰ গৃহত প্ৰৱেশ কৰি গম পাই প্ৰৱঞ্চক ৰাহুল দাস নামৰ ব্যক্তি গৰাকীয়ে অন্য পথেৰে পলাই যায়।

ইফালে ঘটনা সন্দৰ্ভত সাংবাদিক দিপাংকৰ বৰুৱাই পল্টন বজাৰ আৰক্ষী থানাত ৬৬০/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে । আনহাতে ডি এছ এল আৰ কেমেৰাটোৰ মূল্য ৭৫ হাজাৰ বুলি ফটো সাংবাদিক গৰাকীয়ে জনায় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি