ক্ৰিকেটৰ পথাৰত আকৌ যুৱৰাজ! ৬টা বলত ৬টা ছয়, চাওঁক VIDEO

ক্ৰিকেটৰ পথাৰত আকৌ যুৱৰাজ! ৬টা বলত ৬টা ছয়, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ৬টা বলত ৬টা ছয়। বহু খেলুৱৈৰ বাবে এইয়া কল্পনাৰোটিত। কোনো খেলুৱৈৰ বাবে এই অসাধ্য সাধন কৰাটো এক কঠিন কাম। অৱশ্যে সেয়া সম্ভৱ কৰি তুলিছিল ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে। ৬টা বলত ৬টা ছয় মাৰিছিল খেলুৱৈগৰাকীয়ে। খেলপথাৰত অসংখ্য লোকৰ কিৰিলি ভাঁহি আহিছিল সেইসময়ত।

সোমবাৰে পুনৰ তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল অষ্ট্ৰেলিয়াত। ১৯ অনূৰ্ধ অষ্ট্ৰেলিয়া ক্ৰিকেটত সম্ভৱ হৈ উঠিল এয়া। এদিলাইদেত অনুষ্ঠিত হোৱা এখন ক্ৰিকেট মেচত ১১৫টা বলত ১৮ বছৰীয়া এজন খেলুৱৈয়ে ১৪টা চাৰি আৰু ১৭টা ছয়ৰে সংগ্ৰহ কৰে ২০৭ ৰাণ। খেলুৱৈজনৰ নাম অ'লী ডেভিছ। নিউ ছাউথ ৱেলছ মেট্ৰোৰ খেলুৱৈ ডেভিছ।

দেওবাৰে নৰ্থার্ণ টেৰীটৰিৰ বিৰুদ্ধে খেলি এই সাফল্য লাভ কৰে তেওঁ। ৩ নম্বৰত বেট ধৰিবলৈ আহি প্ৰথম ৭৪টা বলত ১০০ ৰাণ সম্পূৰ্ণ কৰে ডেভিছে। পৰৱৰ্তী শতকটো মাত্ৰ ৩৯ টা বলতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় তেওঁ। ডেভিছৰ দ্বিশতকেৰে দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৪০৬ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইফালে, ছ'চিয়েল মিডিয়াতো খেলুৱৈজনক লৈ সৰৱ চর্চা দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in