বজালীৰ পদপথত ঘূৰি ফুৰা এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই বিচাৰি ফুৰিছে বৃদ্ধাশ্ৰম

বজালীৰ পদপথত ঘূৰি ফুৰা এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই বিচাৰি ফুৰিছে বৃদ্ধাশ্ৰম

ডিজিটেল সংবাদ, বজালীঃ মানৱতাৰ দ্ৰুত স্খলনৰ সময়ত পাঠশালাৰ এটি পৰিয়ালৰ মহানুভৱতাই মুগ্ধ কৰিছে সকলোকে। নিজৰ আত্মীয়কে নিচিনাৰ সময়ত এই ইতিবাচক খবৰে পুনৰ মানৱতাক উজ্বলাই তুলিছে।

পাঠশালাৰ কৃষ্ণনগৰৰ নিবাসী তথা বজালী মহাবিদ্যালয়ৰ কৰ্মচাৰী সৌৰভ বৰুৱাই সেই নিদৰ্শন দাঙি ধৰিছে। পদপথত বা দোকানৰ বাৰান্দাতে উজাগৰী নিশা পাৰ কৰা ৮০ৰ উৰ্ধৰ এগৰাকী বৃদ্ধাৰ নাম ভাৰতী দাস।

ফটা কাপোৰ আদি পিন্ধি ৰাজপথত ঘূৰি ফুৰিছিল তেওঁ। কোনোবা দিনা খাবলৈ পায়, কোনোবা দিনা লঘোণে থাকিব লাগে এইগৰাকী বৃদ্ধা। বজালীৰ পিপলাৰ আঠিয়াবাৰীৰ নিবাসী প্ৰয়াত সিং দাসৰ পত্নী আছিল তেওঁ।

এতিয়া আপোন বুলিবলৈ কোনো নাই। প্ৰতিদিনে তেওঁ কেৱল মৃত্যুৰ কামনা কৰে। সেইগৰাকী বৃদ্ধাক ডেৰবছৰ পূৰ্বে ঘৰলৈ আনি মাতৃস্নেহেৰে পোহ-পাল দিছে সৌৰভ বৰুৱাৰ পৰিয়ালে।

যিসময়ত নিজ পিতৃ-মাতৃকে পুত্ৰই অৱহেলা কৰে, ঘৰৰ পৰা উলিয়াই দিয়ে, সেইসময়ত এগৰাকী অচিনাকি বৃদ্ধাক এইদৰে মাতৃৰ সন্মান দি আশ্ৰয় দিছে তেওঁলোকে। এদিন পাঠশালাৰ এটা পদপথত সৌৰভ বৰুৱাই দেখিছিল আইতাগৰাকীক। জাৰত কঁপি থকা আইতাৰ কাষত বহি তেওঁৰ কৰুণ কাহিনী শুনিছিল।

তাৰপাছতেই পিতৃ-মাতৃ-পত্নীৰে আলোচনা কৰি আইতাগৰাকীক লৈ আহিছিল নিজৰ পৰিয়াললৈ। এতিয়া তেওঁ সেই পৰিয়ালটোৰে সদস্যৰ দৰে। এইগৰাকী আইতাই এই পৰিয়ালটোক আৰু কষ্ট দিব নিবিচাৰে। তেওঁ যাব বিচাৰে বৃদ্ধাশ্ৰমলৈ।

যদি কোনো বৃদ্ধাশ্ৰমে তেওঁক আশ্ৰয় দিয়ে তেন্তে গুচি আহিব তালৈ। ওলাবনে কোনোবা তেনে হৃদয়বান লোক, যি বৃদ্ধা আইতাগৰাকীক দিব আশ্ৰয়?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in