ভাল খবৰঃ অইল ইণ্ডিয়াত ওলাইছে চাকৰি…

ভাল খবৰঃ অইল ইণ্ডিয়াত ওলাইছে চাকৰি…

ডিজিটেল ডেস্কঃ ইণ্ডিয়া অয়ল কৰ্পৰেশ্যন লিমিটেডত টেকনিচিয়ান আৰু অনপ্ৰেটিছ পদত চাকৰি মুকলি। ইণ্ডিয়ান অইলৰ মুঠ ২৩০টা পদত নিযুক্তি দিয়া হ'ব। এই পদসমূহৰ বাবে আৱেদন প্ৰক্ৰিয়া ১৮ জুলাই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব। উল্লেখ্য যে, এই পদত আৱেদন কৰাৰ অন্তিম তাৰিখ ৮ আগষ্ট, ২০১৯।

এই পদসমূহত আৱেদন কৰা প্ৰাৰ্থীসকলৰ নিযুক্তিলিখিত পৰীক্ষাৰ আধাৰত কৰা হ'ব। আৰু এই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব ১৮ আগষ্টত। এইপৰীক্ষাৰ তাৰিখ অৱশ্যে সলনি হোৱাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। এই পদসমূহৰবিষয়ে সবিশেষ তলত উল্লেখ কৰা হৈছে।

পদৰ নামঃ টেকনিচিয়ান আৰু ট্ৰেড অপ্ৰেনটিছ

মুঠ পদৰ সংখ্যাঃ ২৩০

প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাঃ ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা কৰা প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে সকলো পদৰ বাবে পৃথক পৃথক অৰ্হতাৰ প্ৰয়োজন। আৰু অধিক জানিবলৈ অফিচিয়েল ৱেবছাইটত চাব পাৰে।

বয়সঃ আৱেদন কৰিব বিচৰা প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৪বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ গণনা ৩১ জুলাই, ২০১৯ৰ আধাৰত কৰা হ'ব।

লিখিত পৰীক্ষাঃ প্ৰাৰ্থীসকলক লিখিত পৰীক্ষা আধাৰত নিযুক্তি দিয়া হ'ব। এই পৰীক্ষাত ১০০টা প্ৰশ্ন সোধা হ'ব। আৰু এই পৰীক্ষাৰ বাবে সময় থাকিব ৯০ মিনিট।

অইল ইণ্ডিয়াৰ এই পদসমূহত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে iocl.comত ক্লিক কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in