অসম অকলশৰীয়া নহয়ঃ বানাক্ৰান্তক সহায়ৰ বাবে আহ্বান নৌসেনা এদল বিষয়াৰ, চাওক VIDEO…

অসম অকলশৰীয়া নহয়ঃ বানাক্ৰান্তক সহায়ৰ বাবে আহ্বান  নৌসেনা এদল বিষয়াৰ, চাওক VIDEO…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ কেউদিশে এতিয়া বানৰ তাণ্ডৱ। খাদ্য, বাসস্থানৰ অভাৱত হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে যোৱা মঙলবাৰে ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পাছতে কেন্দ্ৰই অসমৰ বাবে মোকলাই দিছে ২৫১ কোটি টকা। বিভিন্ন দল-সংগঠনেও ৰাজ্যৰ বানাক্ৰান্ত ৰাইজলৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে কৰা আহ্বানকো বহু লোকে সহাঁৰি জনাইছে।

বানে ধোৱা অসমৰ এই দুৰ্যোগৰ সময়তে বিশাল গুপ্তা নামৰ এজন নৌসেনা বিষয়াই ফেচবুকৰ জৰিয়তে অসমক সহায় বাবে কৰিলে আহ্বান। যোৱা মঙলবাৰে গুপ্তাই কেইবাজনো সতীৰ্থৰ সৈতে এটা ভিডিঅ' প্ৰস্তুত কৰি অসমক এই সময়ত সহায় কৰিবলৈ আহ্বান জনাইছে। ভিডিঅ'টোত প্ৰতিগৰাকী বিষয়াই নিজৰ নাম আৰু ঠিকনা কোৱাৰ লগতে ক'লে- 'অসমৰ সৈতে আমি আছো'।

ছচিয়েল মিডিয়াত এক ভিডিঅ' প্ৰকাশ কৰি নৌ–সেনাৰ দলটোৱে কেপচনত লিখিছে – 'অসমৰ বাবে সাহায্য আগবঢ়াওক। প্ৰায় ৪৩ লাখ লোক বানত আক্ৰান্ত হৈছে। তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন। অসমৰ লোকসকলে অকলশৰীয়া অনুভৱ কৰিব নালাগে। অসম অকলশৰীয়া নহয়।

দান–বৰঙণিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লিংকো শ্বেয়াৰ কৰিছে বিষয়াকেইজনে। ভিডিঅ'টোৰ শেষত এখন কাগজত তেওলোকে 'আমি অসমৰ সৈতে আছো' বুলি ইংৰাজীত লিখি সহায়ৰ বাবে আহ্বান জনাইছে বিষয়া কেইজনে। উল্লেখ্য যে, বুধবাৰে ব্ৰক্ষ্মপুত্ৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও, ৰাজ্যত বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাতে আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in