ৰ’ড শ্ব’-ভাষণৰে নহয়, ব্যায়াম কৰি নিজকে সাজু কৰিছে ওড়িশ্যাৰ মুখ্যমন্ত্ৰীয়ে, VIDEO

ৰ’ড শ্ব’-ভাষণৰে নহয়, ব্যায়াম কৰি নিজকে সাজু কৰিছে ওড়িশ্যাৰ মুখ্যমন্ত্ৰীয়ে, VIDEO

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ১১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব দেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। নিৰ্বাচনৰ পূৰ্বে দেশৰ সকলো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনী যুঁজৰ বাবে। ৰ'ড শ্ব', ভাষণ আদিৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজনৈতিক দলসমূহে। কিন্তু তাৰমাজতে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক কিছু ব্যতিক্ৰমী ৰূপত নিজকে সাজু কিছে নিৰ্বাচনৰ বাবে। যোগ-ব্যায়াম চৰ্চাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাজু কৰিছে নিজকে।

শুকুৰবাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ক'লা টি-ছাৰ্ট আৰু ট্ৰেক পেন্ট পিন্ধি বাসভৱনতেই ব্যস্ত হৈছে যোগ-ব্যায়াম চৰ্চাত। বাগিচাত দৌৰি, চাইক্লিঙৰ লগতে আৰু বহু ব্যায়াম যোগে তেওঁ সাজু হৈছে নিৰ্বাচনৰ বাবে। মুখ্যমন্ত্ৰী পাটনায়কে কয়- 'মই ওড়িশ্যাৰ জনসাধাৰণৰ বাবে যুঁজিবলৈ সাজু হৈছে।' বৰ্তমান সকলো ৰাজনৈতি নেতা-মন্ত্ৰীয়ে বিভিন্ন ধৰণে নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যেৰে নিজক প্ৰস্তুত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in