ওদালগুৰি চহৰত ব্যৱসায়ীসকলৰ স্বতঃস্ফূৰ্ত বন্ধ পালনেৰে প্ৰতিবাদ

ওদালগুৰি চহৰত ব্যৱসায়ীসকলৰ স্বতঃস্ফূৰ্ত বন্ধ পালনেৰে প্ৰতিবাদ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি চহৰখনত একে সময়তে তিনিখনকৈ বাণিজ্যিক মেলা অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ প্ৰতিবাদত মঙলবাৰে স্বতঃস্ফূৰ্ত বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ীসকলে। মঙলবাৰে ওদালগুৰিৰ স্থানীয় ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ বন্ধ ৰাখি বাণিজ্য মেলা সমূহৰ অনুমতি বাতিলকৰণৰ দাবী জনায়।

উল্লেখ্য যে, প্ৰতিবছৰে ব্যৱসায়িক চিজন অৰ্থাত ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ সময়তে ওদালগুৰি চহৰত কে'বাখনো বানিজ্যি মেলা অনুষ্ঠিত হয়। যাৰ ফলত স্থানীয় ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হৈ মুৰে কপালে হাত দিবলৈ বাধ্য হয় হয়। চলিত চেপ্তেম্বৰ মাহত ওদালগুৰিত ওৱান ইণ্ডিয়া নামৰ শ্বপিং মল স্থাপনৰ পৰাই ওদালগুৰিৰ স্থানীয় তথা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰা বুলি ব্যৱসায়ীসকলে সাংবাদিকক জানিবলৈ দিয়ে।

শেহতীয়া ভাৱে ওদালগুৰি চহৰখনৰ মাজমজিয়াত একে সময়তে তিনিখনকৈ বানিজ্য মেলাৰ অনুমতি প্ৰদান কৰাৰ পিছত স্থানীয় ব্যৱসায়ীসকলৰ অৱস্থা নাজল নাথল হৈ পৰাৰ অভিযোগ কৰে ব্যৱসায়ীসকলে। সেয়ে আজি স্থানীয় ব্যৱসায়ী সকলে নিজৰ দোকান পোহাৰ বন্ধ কৰি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উপায়ুক্তৰ ওচৰত মেলা সমূহৰ অনুমতি বাতিলকৰণৰ বাবে লিখিত প্ৰতিশ্ৰুতি প্ৰদানৰ দাবী জনাই।

লগতে তেওঁলোকে কয় যে এই বাণিজ্য মেলাসমূহৰ অনুমতি বাতিল নকৰা পৰ্যন্ত ব্যৱসায়ীসকলে চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অনিৰ্দিষ্টকালীন বন্ধৰ হুংকাৰ প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in