ভাৰতৰ কোন কোন যাব ইমৰাণৰ শপত গ্ৰহণলৈ?

ভাৰতৰ কোন কোন যাব ইমৰাণৰ শপত গ্ৰহণলৈ?

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ১৮ আগষ্টত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, নৱজোৎ সিং সিদ্ধু আৰু কপিল দেৱে। এসময়ৰ একেখন খেলপথাৰৰ প্ৰতিদ্বন্দী সতীৰ্থ হিচাপে নিমন্ত্ৰণ পোৱাৰ পাছতে অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছিল সুনীল গাভাস্কাৰ আৰু কপিল দেৱে।

গাভাস্কাৰ আৰু কপিল দেৱে নোযোৱাৰ সিদ্ধান্ত ল'লেও আনজন প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা সিদ্ধুৱে পাকিস্তান ভ্ৰমণৰ বাবে ভাৰত চৰকাৰক আবেদন কৰি মত প্ৰকাশ কৰিছিল যে যদি চৰকাৰে অনুমতি প্ৰদান কৰে তেন্তে তেওঁ পাকিস্তানলৈ যাব। সিন্ধুৰ এই স্থিতিৰ পাছতে সমালোচনাৰে থকা-সৰকা কৰিছে বিজেপিৰ সাংসদ সুব্ৰমনিয়ম স্বামীয়ে।

স্বামীয়ে কয় 'সিদ্ধু যথেষ্ট স্থিৰ মগজৰ মানুহ, তেওঁৰ মন আৰু মগজু যদি ঠিকে থাকে তেওঁ নিশ্চয় পাকিস্তাণ ভ্ৰমণলৈ নাযাব।' সিদ্ধুৱে যদি পাকিস্তানলৈ যায় তেন্তে তেওঁৰ ৰাজনৈতিক জীৱনত যথেষ্ট প্ৰভাৱ পৰিব আৰু জনসাধাৰণে তেওঁক কেতিয়াও ক্ষমা নকৰিব বুলিও সকীয়াই দিয়ে স্বামীয়ে।

উল্লেখ্য যে, ১৮ আগষ্টত ইছলামাবাদত হ'বলগীয়া ইমৰাণ খানৰ শপতগ্ৰহণ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ কৰিব বুলি চৰ্চা হৈ আছিল যদিও শেষত ভাৰতৰ এই প্ৰাক্তন খেলুৱৈ গৰাকীকহে হে নিমন্ত্ৰণ জনাইছিল ইমৰান খানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in