এয়াহে স্মাৰ্ট পুলিচ! অভিলেখ গঢ়ি মাত্ৰ ৪ ঘণ্টাতেই ভেদ কৰিলে নুনমাটিৰ গুলীবৰ্ষণ কাণ্ডৰ ৰহস্য…

এয়াহে স্মাৰ্ট পুলিচ! অভিলেখ গঢ়ি মাত্ৰ ৪ ঘণ্টাতেই ভেদ কৰিলে নুনমাটিৰ গুলীবৰ্ষণ কাণ্ডৰ ৰহস্য…

ডিজিটেল ডেস্কঃ মহানগৰীৰ এখন মাংসৰ দোকানত ৰহস্যজনকভাৱে এক আঘাতত গুলীসদৃশ এটা ফুটা হৈছিল। সোমবাৰৰ দুপৰীয়া ১২.৩০ বজাত এই ঘটনা সংঘটিত হোৱাৰ পাছতেই কিহৰ আঘাতত সেই ফুটাৰ সৃষ্টি হ'ল তাক লৈ বিমূৰত পৰিছিল আনছাৰী মীট শ্ব'পৰ স্বত্তাধিকাৰী জব্বৰ আনছাৰী।

আনছাৰী মীট শ্ব'পৰ গ্লাছত ৰহস্যজনক আঘাত…

অসম আৰক্ষীৰ অভিজ্ঞ বিষয়াসকলে অৱশ্যে ইয়াৰ কাৰণ মুহূৰ্তৰ ভিতৰতে বিচাৰি উলিয়ালে। এটা শব্দ শুনি সেই সময়ত দোকানত বহি থকা আনছাৰী মীট শ্ব'পৰ মালিক জব্বৰ আনছাৰীয়ে ক'ৰ পৰা সেই আঘাত হৈছে সেয়া জানিবলৈ ইফালে-সিফালে চাওঁতে দেখা পাইছিল গ্লাছৰ সেই আঘাত।

এজন দুজনকৈ মানুহ আহি গোট খাইছিল তেওঁৰ দোকানৰ সন্মুখত । কিবা বস্তু গ্লাছ ভেদি ওলাই যোৱা সেই আঘাত যে গুলীৰ সেয়া সন্দেহ ব্যক্ত কৰিছিল উপস্থিত লোকসকলে। সেয়েহে খবৰ দিয়া হৈছিল আৰক্ষীক।

নুনমাটি থানাৰ আৰক্ষী আহিল ঘটনাস্থলীলৈ । দোকানৰ ভিতৰত গুলীৰ খালী কাৰ্টিজ বিচাৰি নাপাই দোকানখনৰ স্বত্তাধিকাৰীক লৈ তেওঁলোক গ'ল থানালৈ। তাতেই কিছু সময় বহাই থলে জব্বৰ আনছাৰীক। সেই সময়তে দোকানৰ ভিতৰত গুলীৰ কাৰ্টিজ বিচাৰোতে এটা মাৰ্ব'ল পোৱা বুলি জনাইছিল আৰক্ষীক।

সেই মাৰ্ব'লৰ সূত্ৰ ধৰিয়েই আৰক্ষীয়ে এই ৰহস্যজনক কাণ্ডৰ সমাধান দিলে। আৰক্ষীৰ মতে, সেয়া আছিল মাৰ্ব'লৰ আঘাত। মাৰ্ব'লে ভেদ কৰি ফুটা কৰিলে গ্লাছ। এই কথা সংবাদমাধ্যমৰ লোকক ক'বলৈ কৈ হাতত মাৰ্ব'লটো দি এৰি দিলে আনছাৰীক।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক থানাৰ পৰা ওলাই আহি পুনৰ সোমাল আনছাৰীৰ দোকানত। এইবাৰ আনছাৰীৰ পৰা সেই মাৰ্ব'লটো লৈ সেই ফুটাৰ ব্যাসাৰ্ধৰ লগত জুখি চাই দেখে- কোনো পধ্যেই মাৰ্ব'লটো সোমাব নোৱাৰে সেই ফুটাৰে। তাতোকৈ ডাঙৰ কথা এটা মাৰ্ব'লৰ আঘাতত এনেদৰে হ'ব পাৰে জানো গ্লাছত ফুটা।

হায় অসম আৰক্ষী! এয়া হেনো মাৰ্ব'লৰ ফুটা…

কেইবাটাও দিশৰ পৰা সেই মাৰ্ব'লটো লৈ সেই ফুটাৰে সৰকে নেকি চাবলৈ চেষ্টা কৰি এই কথা নিশ্চিত হৈ আৰক্ষীক সেই দৃশ্য দেখুৱাইছো, হ'ব পাৰেনে এয়া মাৰ্ব'লৰ আঘাতত হোৱা ফুটা? ভিতৰ বাহিৰ সকলো ফালৰ পৰাই কোনো কাৰণতেই এটা মাৰ্ব'ল এই ফুটাটোৱে দি সৰকি যোৱা সম্ভৱ নহয়।

বিশ্বাস কৰক বা নকৰক, এয়া আৰক্ষীৰ দাবী…

আৰক্ষীয়ে সেই ফুটা মাৰ্ব'লৰ দ্বাৰা হোৱা বুলি অদ্ভূত দাবী কৰি বিষয়টো এৰাই চলা যেন চেষ্টা কৰিলে। এবাৰো ভাবি নাচালে, গুলীসদৃশ আঘাতৰ সেই চিন আচলতে ক'ৰ পৰা হ'ল? তাৰ সলনি যিকোনো প্ৰকাৰে বিষয়টোৰ পৰা এৰাই চলিবলৈ আৰক্ষীয়ে ৰচনা কৰিলে এই নাটকৰ।

আৰক্ষীয়ে দোকানখনৰ স্বত্তাধিকাৰীজনৰ হাতত দি পঠাইছিল এটা মাৰ্ব'ল। কিন্তু লক্ষণীয়ভাৱে আগতে এই লোকজনে তেনে কোনো সামগ্ৰী পোৱাৰ কথা সংবাদমাধ্যমক কোৱা নাছিল। থানালৈ যোৱাৰ পাছত সেই মাৰ্ব'ল দি পঠিওৱাৰ ৰহস্য কি?

যদি সঁচাকৈ মাৰ্ব'লৰ আঘাতত সেই ফুটা সৃষ্টি হৈছিল আৰু এয়া গুলীবৰ্ষণৰ ঘটনা বুলি ইতিমধ্যে সংবাদমাধ্যমত চৰ্চা হৈছে, তেনেস্থলত এনে স্পৰ্শকাতৰ বিষয় এটাক লৈ আৰক্ষীয়ে এনে দায়িত্বহীন ভাৱে সেই মাৰ্ব'লটো কিয় ব্যক্তিজনৰ হাতত দি পঠিয়ালে?

এয়াই নেকি এতিয়া মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ তদন্তৰ নমুনা? মহানগৰীত প্ৰায়ে সংঘটিত হৈ থাকে গুলীবৰ্ষণৰ ঘটনা। কিছুদিনৰ পূৰ্বে ডাউন টাউনৰ এখন দোকানত এজন যুৱকক গুলীয়াইছিল । তাৰপাছত নুনমাটিত এই ৰহস্যজনক কাণ্ড। দিন ডকাইতৰ পৰা আৰম্ভ কৰি মহানগৰীত সক্ৰিয় হৈ আছে বহু অপৰাধী। তেনেস্থলত কোনো অপৰাধীয়ে বাহিৰৰ পৰা গুলীবৰ্ষণ কৰাৰ ঘটনা এয়া হ'ব পাৰে নেকি?

এইবোৰ দিশ সামৰি তদন্ত কৰাৰ সলনি নাভূত নাশ্ৰূতভাৱে এটা মাৰ্ব'লৰ আঘাত বুলি নুনমাটিৰ আৰক্ষীয়ে এই ঘটনা এৰাই চলিলে। মহানগৰ আৰক্ষী আয়ুক্ত আৰু আৰক্ষী সঞ্চালক প্ৰধানে নিজেই চাওঁক হ'ব পাৰেনে এয়া মাৰ্ব'লৰ আঘাতত হ'ব পৰা ফুটা?

এয়া গুলীবৰ্ষণৰ ঘটনা নহ'ব পাৰে। কিন্তু আৰক্ষীয়ে দাবী কৰাৰ দৰে গ্লাছত সেই থকা সেই ফুটা মাৰ্ব'লৰ আঘাতত হোৱা বুলি বিশ্বাস কৰি ল'ব পাৰিবনে কোনোবাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in