দুদিনীয়া কাৰ্যসূচীৰে নুনমাটি কীৰ্তন ঘৰত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন

দুদিনীয়া কাৰ্যসূচীৰে নুনমাটি কীৰ্তন ঘৰত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭০ সংখ্যক আৱিৰ্ভাৱ তিথি। নুনমাটি কীৰ্তন ঘৰত গুৰুজনাৰ পৱিত্ৰ স্মৃতিত মঙলবাৰৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ। মঙলবাৰে সন্ধিয়া ৬ বজাত নবীন চন্দ্ৰ সুত্ৰধাৰে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটো প্ৰসংগীয়া নাম আৰু নাগাৰা নামেৰে মহাপুৰুষ জনাক স্মৰণ কৰা হয়।

বুধবাৰে পুৱা ৫ বজাত উষা কীৰ্তনে শুভাৰম্ভ কৰা অনুষ্ঠানটো ৯ বজাত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰা হয়।অনুষ্ঠানটোত অংশ লৈ মহাপুৰুষজনাৰ ভক্তিতত্ত্ব, সমাজ দৰ্শন আৰু সমাজত নামঘৰৰ ভূমিকাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। উল্লেখ্য যে, বুধবাৰৰ দিনৰ ২ বজাত নুনুমাটি কীৰ্তন ঘৰত এখনি ঘোষানাম প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in