সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ…VIDEO

সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ…VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনস্থলীত শ্ৰমদান কৰিবলৈ ওলাই আহিছে গোলাঘাট জিলাৰ শ শ মুছলমানধৰ্মী লোক । জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মিলন ভূমিত পৰিণত কাজিৰঙা সমন্বয় ক্ষেত্ৰ।

উত্তৰপূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হব দিহিঙীয়া ৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । এতিয়া তাকেলৈ ব্যস্ততাৰ অন্ত নাই অসমৰ বিভিন্ন স্থানৰ পৰা জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে অধিৱেশনভাগ সাফল্যমণ্ডিত কৰি তুলিবলৈ ওলাই আহিছে লোক ।

সোমবাৰে গোলাঘাট জিলাৰ শ শ ,মুছলমান পুৰুষ, মহিলা, যুৱক যুৱতী ওলাই আহিছে এনেদৰে কৰিছে শ্ৰম দান । এতিয়া দিনে নিশাই ৩৫ লক্ষ ভকত ,বৈষ্ণৱক আদৰিবলৈ সাজু কৰি তুলিছে কাজিৰঙা সমন্বয় ক্ষেত্ৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in