নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ VIDEO

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস,  ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । হাতীৰ জাকে দেওবাৰে পুনৰ ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।মুকলি আকাশৰ তলত কেইবাটাও পৰিয়ালৰ ।নুমলীগড়ৰ আজিও অব্যাহত বন্যহস্তীৰ ত্ৰাস ।

হাতীৰ জাকে বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনৰ বিজি গেট অঞ্চলত ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ । হাতীৰ জাকে খাই তহিলং কৰে চাউল,ধানকে ধৰি ঘৰৰ ভিতৰত থকা আন আন সামগ্ৰী ।

দীর্ঘদিনে অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱঅব্যাহত আছে । নিশাটো বাদেই দিনৰ ভাগতে জাকে জাকে বন্য হস্তী খাদ্যৰ সন্ধানত দিনৰ ভাগতে প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইফালে হাতীৰ জকটোক খেদিবলৈ খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ উপস্থিত নহয় বন বিভাগৰ লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in