সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে নুমলীগড় মাৰাথান, ২০১৯

সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে নুমলীগড় মাৰাথান, ২০১৯

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধনাগাৰৰ উদোগত দেওবাৰে পুৱা আৰম্ভ হয় নুমলীগড় মাৰাথান, ২০১৯। পঞ্চম বাৰৰ বাবে অনুস্থিত হোৱা এই মাৰাথানত পুৱা ব্যাপক উছাহ দেখা গ'ল প্ৰতিযোগিসকলৰ লগতে নুমলীগড়বাসীৰ।

৫, ১০ আৰু ২১ কিলোমিটাৰ তিনিটা পৰ্যায়ত অনুস্থিত হোৱা এই মাৰাথানৰ পুৱা ফ্লেগ অফ কৰে শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই। ৩৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ সমান্তৰালকৈ দক্ষিণ আফ্ৰিকা, কেনিয়া আৰু নাইজেৰিয়াৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in