চাকৰি বিচাৰিব নালাগে, চাকৰি দিয়কঃ কেনেকৈ?

চাকৰি বিচাৰিব নালাগে, চাকৰি দিয়কঃ কেনেকৈ?

কাম কামেই, কামত সৰু-বৰ নাই। কিন্তু আমি কিছুমান কামক অৱহেলা কৰো নেকি? যিবোৰ কামে আমাক চাকৰি বিচৰাত নহয়, আন দহজনক চাকৰি দিয়াৰ যোগ্যতা প্ৰদান কৰিব। চৰকাৰী বহু আচঁনিৰ প্ৰতি আমি উদাসীন কিয়! এনে এক বিষয়ক লৈ 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণৰ বিশেষ প্ৰতিবেদন।

'চাকৰি বিচাৰি হাবাথুৰি খাইছো, কিন্তু বাকৰিলৈ কোনো মন কৰা নাই।' এয়াই আজিৰ বাস্তৱ। কেতিয়াবা সংবাদমাধ্যমৰ শিৰোনাম দুই এজন কৃষিপ্ৰেমী যুৱকৰ উদাহৰণৰেৰে প্ৰকাশ পালেও বাস্তৱক্ষেত্ৰত সেয়া তেনেই নগন্য। তাৰ উদাহৰণ প্ৰতিদিনে অসমত সোমোৱা বহি:ৰাজ্যৰ খাদ্যসামগ্ৰী ভৰ্তি ট্ৰাকসমূহৰ লগতে কাম বিচাৰি বহিৰাজ্যলৈ ধাপলি মেলা অসমৰ যুৱকসকল। কোনো কোনোয়ে এনে প্ৰশ্নয়ো উত্থাপন কৰে 'কম বয়সতে নিজকে স্বাধীন বুলি ভাৱি 'মোৰ জীৱন মোৰ নিয়ম' ভাৱেৰে থাকি সময়ত একো কৰিব নোৱাৰি দল সংগঠনত যোগদান কৰি নিজকে নিবনুৱা বুলি পৰিচয় দিলে জানো স্বাৱলম্বীতাৰ পথ মুকলি হ'ব?' এয়া আমাৰ প্ৰশ্ন নহয়, একাংশ লোকৰ মতহে। অপ্ৰিয় হলেও, এই চিন্তাধাৰাও কিন্তু অমূলক নহয়।

চৰকাৰী হিচাপ মতে, অসমত বৰ্তমান প্ৰায় ১৬ লাখতকৈ অধিক স্নাতক নিবনুৱা আছে ।কিন্তু অনানুষ্ঠানিকভাৱে ইয়াৰ সংখ্যা ইয়াতকৈ অধিক হব কিয়নো বহু নিবনুৱা যুৱক যুৱতীয়ে এতিয়াও এমপ্লইমেন্ট এক্সচেঞ্জত নামভৰ্তি কৰা নাই। অনুমান কৰা হয়, অসমত প্ৰায় ২৫ লাখ নিবনুৱা আছে। ৰাজ্যৰ ৩ কোটি জনসংখ্যাৰ ভিতৰত ই এক অতি চিন্তনীয় সংখ্যা। স্বাধীনতা কালচোৱাৰ পৰা অৰ্থনৈতিক দিশত অসম লক্ষ্যনীয়ভাৱে আগুৱাব নোৱাৰিলে। ১৯৪৭ চনত অবিভক্ত অসমৰ অৰ্থনীতি ভাৰতৰ ভিতৰতে পঞ্চম বৃহৎ অৰ্থনীতি আছিল যদিও বৰ্তমান ৰাজ্যিক আয়ৰ ক্ষেত্ৰত শীৰ্ষ ১০ খন ৰাজ্যত নাম নাই অসমৰ। অসমৰ কথা বাদ দি, যদি দেশৰ প্ৰেক্ষাপটত চোৱা হয় তেতিয়াও এক পুতৌ লগা দৃশ্য চকুত পৰে। বিশ্ব বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০১৮ চনত ব্যৱসায়িক ক্ষেত্ৰত বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত ১৩০ সংখ্যক স্থানত আছে ভাৰত।

নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কিন্তু চৰকাৰকো সম্পূৰ্ণ ৰূপে জগৰীয়া কৰিব নোৱাৰি। কিয়নো কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক নিবনুৱা যুৱক যুৱতী সকলৰ বাবে কেইবাখনো যোগাত্মক আচঁনি ইতিমধ্যেই ৰূপায়ণ কৰিছে। এনে কেইবাখনো আচঁনিৰ পৰা নিবনুৱা যুৱক-যুৱতীসকল বহু পৰিমাণে লাভৱানো হৈছে। কিন্তু নিবনুৱাৰ সংখ্যালৈ চাই এই আচঁনি সমূহ পৰ্যাপ্ত হয়নে নহয় সেয়াও এক বিচাৰ্য বিষয়। ইয়াৰোপৰি এই আচঁনি সমূহৰ ফল বহু জনপ্ৰতিনিধিৰ অঙহী বঙহীয়ে ভোগ কৰে বুলিও বহু সময়ত অভিযোগ উত্থাপিত হয়। এনে অভিযোগ প্ৰতিঅভিযোগৰ দোমোজাত নিবনুৱা সমস্যাই অসমত এক জ্বলন্ত সমস্যা হিচাপে মুৰ দাঙি উঠিছে। এই নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো কিন্তু নথকা নহয়। ইয়াৰবাবে চৰকাৰৰ আচঁনিসমূহ বিষয়ে যুৱক যুৱতী সকল সৰ্তক আৰু সচেতন হ'ব লাগিব। কিন্তু এটা সাধাৰণ চৰকাৰী চাকৰিৰ পিছত হাজাৰৰো অধিক শিক্ষিত প্ৰাৰ্থী দৌৰী ফুৰা অসমত চৰকাৰৰ এই স্বনিৰ্ভৰশীল আচঁনি সমূহৰ বিষয়ে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল কিমানখিনি সৰ্তক হ'ব সেয়াও এক প্ৰশ্ন! কিন্তু ইয়াৰ মাজেতেই বহু শিক্ষিত যুৱক যুৱতীয়ে চৰকাৰৰ আচঁনি সমূহ সুপ্ৰয়োগ নকৰাও নহয়।

'সৰু হলেও চৰকাৰী চাকৰি এটা পালে জীৱনটো নিৰাপত্তা হয়' এই চিন্তাধাৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত। কিন্তু বহুতে এনে চিন্তাধাৰাক প্ৰশ্ৰয় নিদিয়ে। বহু যুৱক যুৱতীয়ে চৰকাৰৰ আচঁনি সমূহৰ সুপ্ৰয়োগেৰে নিজেও প্ৰতিষ্ঠিত হোৱাৰ লগতে আন দহজনকো স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিছে। নিবনুৱা যুৱক-যুৱতী সকল উপকৃত হ'ব পৰা পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ 'ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম' চমুকৈ এন এছ আই চি ৰ ভূমিকাও কিন্তু লেখত লবলগীয়া। বিগত পাঁচটা দশকজুৰি কেন্দ্ৰীয় চৰকাৰৰ এই বিভাগটোৱে দেশৰ গ্ৰামাঞ্চলৰ বহু যুৱক যুৱতীক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে। বৰ্তমানৰ লৈকে এই বিভাগটোৱে দেশৰ লাখ লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰাৰ লগতে আন দহজনক দিছে সংস্থাপন।

উত্তৰ পূৰ্বাঞ্চলৰ 'ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম'ৰ প্ৰধান কাৰ্যালয়তো গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত। এই কাৰ্যালয় টোৱেও ১৯৮৪ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীকসকলক স্বনিৰ্ভৰশীল কৰি তুলিবৰ বাবে ভিন্নক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বহু যুৱক-যুৱতীক সংস্থাপনৰ বাবে সঠিক পথ প্ৰদৰ্শন কৰিছে এন এছ আই চিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যক বাদ দিলে অসমৰ বহু নিবনুৱা লাভৱান হৈছে এই বিভাগটোৰ পৰা।

নন্দিতা ৰায় চৌধুৰী। চাৰি বছৰৰ পূৰ্বে বামুণীমৈদামস্থিত ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগমৰ যোগেদি লোৱা এমহীয়া প্ৰশিক্ষণৰ পাছত আজি তেও সমাজত এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী। কেৱল উদ্যোগীয়ে নহয় চৰকাৰৰ উদ্যোগিক সম্বন্ধীয় বহু অনুষ্ঠানৰ তেও অসমক প্ৰতিনিধিত্ব কৰে। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ বাসিন্দা চৌধুৰীয়ে নিগমৰ পৰা লৈছিল তিনিটা বিষয়ত প্ৰশিক্ষণ। বৰ্তমান কেইবাটাও কামত ব্যস্ত থকা চৌধুৰীয়ে ক'লে তেওঁৰ যাত্ৰাৰ কাহিনী-

২০১৪ চনৰ মাৰ্চ মাহ। অসম চৰকাৰৰ 'নতুন উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৪' কাৰ্যকৰী কৰা হৈছিল। এই নীতিৰ যোগেদি অসমত নতুন উদ্যোগীয়ে ক্ষুদ্ৰ ,অতি ক্ষুদ্ৰ, আৰু সাধাৰণ ব্যৱসায় কৰিব খুজিলে বেংকৰ ঋণৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'ব নলগীয়াকৈ চৰকাৰৰ পৰা ঋণ লাভ কৰিব পাৰিব। এই ফাণ্ডৰ পৰা প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক প্ৰাথমিক মূলধনৰ অভাৱত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ৰক্ষা কৰিবলৈ পাঁচ লাখ টকা পৰ্যন্ত কেৱল ৫শতাংশ সুতৰ হাৰত ঋণ প্ৰদানৰ ব্যৱস্থা হ'ব। ইয়াৰোপৰি এই নীতি এটা উল্লেখযোগ্য উপকাৰিতা আছিল যে, উদ্যোগ স্থাপন হোৱাৰ ১০ মাহলৈ কোনো ধৰনৰ সুত লোৱা নলয় বেংকে। কিন্তু সময়ত বুমেৰাং হল এই নীতি।

২০১৪ চনৰে আন এখন আঁচনি হ'ল 'বহুমুখী বৃত্তি পাৰদৰ্শিতা বিকাশ আঁচনি'। এই আচঁনিখন অসমৰ গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰজন্মক আধুনিক জগতখনৰ লগত খাপ খোৱাকৈ নিত্য নতুন বৃত্তি গ্ৰহণ কৰিব পৰাকৈ প্ৰশিক্ষিত আৰু পাৰদৰ্শী কৰাৰ ক্ষেত্ৰত 'নতুন উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৪'ৰ অংশ হিচাবেই আৰম্ভ কৰা হৈছিল। এই উদ্দেশ্যে অসমৰ প্ৰতিটো ব্লকতে "বহুমুখী বৃত্তি পাৰদৰ্শিতা বিকাশ কেন্দ্ৰ" স্থাপন কৰা হৈছিল। এই আঁচনিৰ আধাৰত আধুনিক যুগত চাহিদা বঢ়া বৃত্তি সমূহৰ ওপৰত যুৱ প্ৰজন্মক প্ৰয়োজনী প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে প্ৰকাশ কৰিছিল। কিন্তু এই আচঁনিখনৰ অৱস্থাও বৰ্তমান থৰক বৰক।

ওপৰত এয়া মাথোঁ এখন আচঁনিৰ উদাহৰণহে। এনে বহু আচঁনি এতিয়া অস্তিত্বহীন। সেয়া যি কি নহলেও ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগমৰ উত্তৰ পূৰ্বৰ শাখাই নিৰবিচ্ছিন্নভাৱে নিৱনুৱাক স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ হাতত আছে বিগত পাঁচবছৰত শাখাটোৱে ভিন্নক্ষেত্ৰৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তোলা প্ৰশিক্ষাৰ্থীসকলৰ তালিকা-

  • ২০১৩-১৪ বিত্তীয় বৰ্ষত বামুণীমৈদাম শাখাই প্ৰশিক্ষণ দিছে মুঠ ৫২৫ জন যুৱক যুৱতীক।
  • ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰশিক্ষণ দিছে ৬৩২ জনক।
  • ২০১৫-১৬ বিত্তীয় বৰ্ষত প্ৰশিক্ষণ দিছে ১৫৫৯ জনক।
  • ২০১৬-১৭ বিত্তীয় বৰ্ষত প্ৰশিক্ষণ দিছে ১৮৪৭ জন।
  • ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰশিক্ষণ দিছে ১৬৯৯ জনক।

এয়া বিগত পাঁচটা বছৰৰ প্ৰশিক্ষাৰ্থীসকলৰ তালিকাহে। বিগত দুটা দশকত বামুণীমৈদাম শাখাই ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিছে বুলি জনায় কাৰ্যালয়টোৰ শাখ প্ৰৱন্ধক বিনোদ ব্যাসে।

ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগমৰ সকলো কামকাজ চোৱাচিতা কৰে দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগমৰ বিষয়ে পুংখানুপুংখভাৱে বিৱৰণ দিয়া আছে www.nsic.in নামৰ ৱেবছাইটটোত। কিন্তু পৰিতাপৰ বিষয় যে উত্তৰ পূৰ্বাঞ্চল শাখাৰ বৰ্তমানৰলৈকে নাই কোনো ধৰণৰ অফিচিয়েল ৱেবচাইট। যাৰফলত এই নিগমৰ আচঁনিৰ বিষয়ে উমঘামেই নাপায় বহুলোকে। সেয়া যি কি নহলেও ডিজিটেলৰ এই যুগত অচিৰেই এটা ৱেবচাইট খোলাৰ কথা প্ৰকাশ কৰিছে কাৰ্যালয়ৰ কতৃপক্ষই। বামুণীমৈদামৰ শাখাতে প্ৰশিক্ষণ লৈ বৰ্তমান স্বনিৰ্ভৰশীল আৰু এজন উদ্যমী যুৱক হ'ল এইজন-

বামুণীমৈদামত থকা তিনিমহলীয়া কাৰ্যালয়ৰ ওপৰৰ এটা মহলাত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বৰ্তমান চাৰিটা বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি আছে শাখাটোৱে। এই চাৰিটা বিষয় হ'ল-

  • ফেশ্বন ডিজাইনিং- ২ মহীয়া।
  • বিউটিচিয়ান- ২ মহীয়া।
  • ফুড প্ৰশ্বেচিং- ১ মহীয়া।
  • কেণ্ডেল মেকিং- ১ মহীয়া।

এই চাৰিটা বিষয়ত হাতে কামে প্ৰশিক্ষণ কৰি থকা হৈছে বামুণীমৈদামৰ কাৰ্যালয়ত। মাজুলীৰ পৰা ধুবুৰীলৈকে গ্ৰামাঞ্চলৰ বহু যুৱতীক প্ৰশিক্ষণ দিয়া হয় এনেদৰে-

এতিয়া প্ৰশ্ন হয় কেনেদৰে নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব প্ৰশিক্ষণৰ এই সুবিধা। আচলতে উত্তৰ পূৰ্বাঞ্চলৰ এই কাৰ্যালয়টোৰ অফিচিয়েল কোনো ৱেবছাইট নাই যদিও সংবাদ মাধ্যমযোগে সময়ে সময়ে বিজ্ঞাপনৰ লগতে ভিন্নস্থানত হৰ্ডিঙ আঁৰে । ইয়াৰোপৰি ভিন্ন উদ্যোগিক প্ৰতিষ্ঠানত আবেদন কৰি সামাজিক দায়ৱদ্ধতা পুঁজিৰ জৰিয়তে বহু প্ৰশিক্ষাৰ্থীয়ে হাতে কামে প্ৰশিক্ষণ লৈ আছে। এই প্ৰশিক্ষাৰ্থীসকলৰ থকা খোৱাৰ পৰা আদি কৰি সকলো সকলো খৰচ বৃহৎ উদ্যোগিক প্ৰতিষ্ঠানৰ সামাজিক দায়ৱদ্ধতা পুঁজিৰ পৰা ব্যয় কৰা হয়। কি কি ক্ষেত্ৰৰ পৰা কিমান প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তাৰ তালিকাখন-

হাতে কামে প্ৰশিক্ষাৰ্থী সকলে ভিন্ন বিষয় আয়ত্ত কৰিব পৰাকৈ বামুণীমৈদামৰ কাৰ্যালয়ত সকলোধৰণৰ সুবিধা উপলদ্ধ। শ্ৰেণীকোঠাৰ পৰা আদি কৰি ওপৰত উল্লেখ কৰা চাৰিটা বিষয়ৰ হাতে কামে প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সকলো সা-সজুলি উপলদ্ধ প্ৰশিক্ষাৰ্থী সকলৰ বাবে।

প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছতে প্ৰশিক্ষাৰ্থীসকল পুঁজিৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখে নিগমে। নিজাববীয়াকৈ উদ্যোগ স্থাপনৰ বাবে ৫ লক্ষৰো অধিক টকাৰ চৰকাৰী ঋণ লাভৰ ক্ষেত্ৰত সকলো খিনি দিহা কৰি দিয়ে নিগমে। নিগমৰ পৰা লাভ কৰা প্ৰশিক্ষণ প্ৰমাণ পত্ৰ খনৰো আছে যথেষ্ট গুৰুত্ব। এই প্ৰমাণ প্ৰত্ৰৰ যোগেদি চৰকাৰী ঋণৰ ২০ শতাংশৰ লৈকে ৰেহাই পোৱা যায় বুলিও জনালে এগৰাকী প্ৰশিক্ষাৰ্থীয়ে। মুঠৰ ওপৰত এজন নিবনুৱাক সঠিক মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰে নিগমে। নিগমৰ এজন বিষয়াই কলে আমাৰ শ্ল'গান হল 'চাকৰি বিচাৰিব নালাগে, চাকৰি দিয়ক'।

প্ৰশিক্ষাৰ্থী সকলে প্ৰস্তুত কৰা কেক বিস্কুট…
প্ৰশিক্ষাৰ্থী সকলে প্ৰস্তুত কৰা কেক বিস্কুট…

আমিও স্বীকাৰ কৰো যে চৰকাৰী আচঁনিসমূহ কেৱল ঘোষণাতে সীমাৱদ্ধ থাকে। কিন্তু এনে বহু চৰকাৰী আচঁনিও আছে যি আচঁনিসমূহৰ উপযোগিতাৰ প্ৰতি অসমৰ নিবনুৱাসকলে গুৰুত্ব দিয়া নাই। তাৰ জলন্ত উদাহৰণ এই নিগমৰ প্ৰশিক্ষণ গ্ৰহণ কৰা সকলৰ তালিকাখন। তালিকাখনলৈ চকু ফুৰালেই দেখা যায় অসমতকৈ ত্ৰিপুৰা, অৰণাচলৰ যুৱক যুৱতীৰ সংখ্যাহে বেছি। এনে যোগাত্মক আচঁনিসমূহৰ বিষয়ে আমি সজাগ হোৱা উচিত। কেৱল চৰকাৰী চাকৰিয়ে উপাৰ্জনৰ একমাত্ৰ পথ বুলি নিৰাশ হোৱাতকৈ আন দহজনক সংস্থাপন দিব পৰা এনে প্ৰশিক্ষণৰ সুবিধা আদায় কৰিব লাগে অসমৰ নিবনুৱা সকলে। কাৰণ এনে প্ৰশিক্ষণৰ পাছত কোনো নিবনুৱাই চাকৰি বিছাৰিব নালাগে, চাকৰি দিবহে পাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in