উত্তৰ পূবৰ নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে এন এছ আই চিৰ বিশেষ প্ৰদক্ষেপ…

উত্তৰ পূবৰ নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে এন এছ আই চিৰ বিশেষ প্ৰদক্ষেপ…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় লঘু উদ্যোগ উন্নয়ন নিগম চমুকৈ এন এছ আই চিয়ে শেহতীয়াকৈ সমগ্ৰ দেশত উদ্যোগ, বিপনন আদিৰ দিশত বহুতো উল্লেখ্যনীয় কাম সম্পাদন কৰি আহিছে। দেশৰ ক্ষুদ্ৰ উদ্যোগবোৰৰ বিকাশ ক্ষেত্ৰত এই এন এছ আই চিৰ অৱদান উল্লেখ্যনীয়।

বিগত কিছুবছৰ ধৰি এন এছ আই চিয়ে দেশৰ নিবনুৱা যুৱক যুৱতী সকলক বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰি মানৱ সম্পদ গঢ় দিয়াৰ বাবে যত্ন কৰি আহিছে। কেৱল প্ৰশিক্ষণেই নহয়, প্ৰশিক্ষণপ্ৰাপ্তসকলক আচনিৰ যোগেদি সংস্থাপনৰো দিহা কৰে এন এছ চি এনে।

এন এছ চি এনৰ উত্তৰ পূব শাখাই শেহতীয়াকৈ অসম বায় ৰিফাইনেৰী প্ৰাইভেট লিমিটেড (ABRPL)ক মাৰ্কেটিং পাটনাৰ হিচাপে চুক্তিৱদ্ধ কৰিছে। এই প্ৰতিষ্ঠানটোৰ নুমলীগড়ৰ তেল শোধনাগাৰৰ ৫০ শতাংশ অংশদায়িত্ব আছে।

এই পৰিযোজনাৰ যোগেদি এন এছ চি এনে অসমৰ লগতে নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ বহু নিবনুৱা যুৱক যুৱতী লাভৱান হ'ব। এন এছ আই চি( NSIC) য়ে প্ৰেছ বিবৃত্তিত জানিবলৈ দিয়া মতে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বৰ নিবনুৱা সমস্যা যথেষ্ট পৰিমাণে দুৰ কৰিব পৰা যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in