স্থগিত ভাৰতৰ চৰকাৰ আৰু এন এছ চিএন মাজৰ শান্তি আলোচনা…

স্থগিত ভাৰতৰ চৰকাৰ আৰু এন এছ চিএন মাজৰ শান্তি আলোচনা…

 ডিজিটেল সংবাদ, ৱাখাঃ ৰাজধানী দিল্লীৰ ক'ভিড পৰিস্থিতিয়ে  ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত  সম্প্ৰতি ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক- মুইভা গোটৰ মাজত হ'ব লগা নগা শান্তি আলোচনাৰ গুৰুত্বপুৰ্ণ বৈঠক স্থগিত কৰা হৈছে । 

ডিমাপুৰৰ কেম্প হেব্ৰুনৰ এন এছ চি এনৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ামতে যোৱা ১৬ এপ্ৰিলত ভাৰত চৰকাৰৰ চোৰাংচোৱা বিষয়া আৰু  এন এছ চি এনৰ মুৰব্বী থুইংগালেঙ মুইভাৰ সামূহিক নেতৃত্বতৰ মাজত নগা শান্তি আলোচনা হোৱাৰ কথা আছিল কিন্তু দিল্লীৰ কৰোণা ভয়ংকৰ পৰিস্থিতিৰ বাবে  অনিদিষ্ট কাললৈ বৈঠক পিছোৱাই দিবলগীয়া হয়। 

বৈঠক বাতিল হোৱাৰ  পিছতে বৃহস্পতিবাৰে বিয়লি  এন এছ চি এনৰ উপ সভাপতি  টি  কন্যাকৰ  সৈতে মুইভাই  দিল্লীৰ পৰা এখন বিশেষ হেলিকেপ্টাৰে  আহি  সংগঠনটোৰ মুখ্য কাৰ্যালয় ডিমাপুৰৰ  হেব্ৰুনত উপস্থিত হয় । জানিব পৰামতে দেশৰ  কৰোণা পৰিস্থিতি  সুস্থিৰ হলেও  মুইভাই দিল্লীলৈ  উভতি গৈ  পুনৰ আলোচনাত যোগ দিয়াৰ কথা ।

উল্লেখযোগ্য যে পৃথক পতাকা আৰু সংবিধানৰ বাবে  ২০১৯ চনৰ ৩১ অক্টোবৰ মাহৰ পৰা স্থবিৰ হৈ পৰা নগা শান্তি আলোচনাৰ গতিৰোধ দূৰ কৰিব বাবে ভাৰত চৰকাৰে এন এছ চি এনলৈ এক নতুন প্ৰস্তাৱ আগবঢ়াইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in