নগা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰক অধিক দায়বদ্ধ আৰু যোগাত্মক হওঁকঃ এন এছ চি এন আই এম

নগা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰক অধিক দায়বদ্ধ আৰু যোগাত্মক হওঁকঃ  এন এছ চি এন আই এম

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী স‌ংগঠন এন এছ চি এন মুইভা গোটৰ মাজত পুনৰ আলোচনা আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ স্থিতি স্পষ্ট কৰি নগা ৰাজনৈতিক সমস্যাটো সমাধান ক্ষেত্ৰত ভাৰত চৰকাৰক অধিক দায়বদ্ধ আৰু যোগাত্মক হবলৈ আহবান জনাইছে ইশ্বাক মুইভা গোটে । আজি ডিমাপুৰৰ কেম্প হেব্ৰুনৰ পৰা জাৰি কৰা এক প্ৰেছবাৰ্তাত এই বুলি কৈছে — আমি ভাবো এনে কোনো সমস্যা নাই যত মানবীয় সমাধান নাই ।

২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক চুক্তি কথা উল্লেখ কৰি এন এছ চি এনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত যি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত কৰা হৈছিল সেই চুক্তিৰ ঐতিহাসিক ক্ষণ বিশ্ববাসীয়ে পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে প্ৰত্যক্ষ কৰিছিল । সেই চুক্তিত দক্ষিণ পূৰ্ব এছিয়াৰ আটাইতকৈ দীঘলীয়া সশস্ত্ৰ সংঘাতৰ সমাধান কৰা হৈছে । এন এছ চি এনে কৈছে যে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট এক সাৰ্বজনীন স্থানত কৰা হৈছিল আৰু এই কথা স্বীকাৰ কৰা হৈছিল এয়া যে ভাৰত নগা ৰাজনৈতিক সংঘাতৰ বাহিৰে আন একো নহয়।

অংশীদাৰী সাৰ্বভৌমত্বৰ আধাৰত সমস্যা সমাধানৰ বাবে সন্মত হৈছে যাতে জনগণৰ অধিকাৰক সন্মান জনাব পাৰি । এন এছ চি এনে আশা প্ৰকাশ কৰে যে ভাৰত আৰু নাগালেণ্ডে শান্তিপূৰ্ণ সহ অস্তিত্বৰে এক নতুন স্থায়ী সম্পৰ্কত প্ৰবেশ কৰিব । দুই সংস্থাৰ শান্তিপূৰ্ণ সহ অৱস্থানৰ অৰ্থ হৈছে এখনে আনখনৰ ভিতৰত নহয় এখনে আনখনৰ পৰা দূৰৈত নহয় । অৰ্থাৎ নাগালেণ্ড আৰু ভাৰত দুয়োটা সংস্থা একে লগে বৰ্তি থাকিব । উল্লেখযোগ্য যে এন এছ চি এন মুইভা গোটে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজ্যকৌশল নীতিক প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

কিয়নো বাজপেয়ীয়ে ২০০২ চনত নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাস আৰু ৰাজনীতিক মান্যতা প্ৰদান কৰিছিল । ১৮৩২ চনত মাতৃভূমিক ভাল পোৱাৰ বাবে তেওঁলোকে ব্ৰিটিছ আৰু ভাৰতৰ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে । নগাসকলৰ ৰাজনীতি , সংস্কৃতি , সমাজ জীৱন , লোকচাৰ এইসকলো অনন্য । এয়াই নগাসকলৰ বিশিষ্টতা ।

আনহাতে ১৯ ৪২ চনত নগাসকলে স্বাধীন ভাৰতত যোগ দিয়াৰ পূৰ্বে তেওঁলোকৰ পৃথক ইতিহাস আৰু পৰিচয় আছিল । এন এছ চি এনে এই কথা স্পষ্ট কৰি দি কয়– নগাসকলে উগ্ৰ আৰু আক্ৰমণকাৰী নহয় । ভাৰতৰ সৈতে ৰক্তাক্ত আৰু তিক্ততাৰ ইতিহাস থাকিলেও নগা সমস্যা সমাধানৰ ক্ষেত্ৰত এন এছ চি এনে শান্তিপূৰ্ণ ভাৱে কৰিবলৈ সন্মত বুলি উল্লেখ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in