এন এছ চি এন খাপলাং গোটৰ অধ্যক্ষ য়ু‌ংগ আঙক অপসাৰণ…

এন এছ চি এন খাপলাং গোটৰ অধ্যক্ষ য়ু‌ংগ আঙক অপসাৰণ…

মণ্টুচ্ কোঁৱৰ,ৱাখাঃ পুনৰ এবাৰ বিভাজনৰ দিশে ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোট । বিদ্ৰোহী সংগঠনটোৰ সংবিধান নীতি উলংঘা কৰাৰ অভিযোগত বৰ্তমানৰ অধ্যক্ষ য়ু‌ংগ আঙক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে। যোৱা মংগলবাৰে ম্যানমাৰ টাগাত হোৱা সেনাধক্ষ্য নিক্কি চুমীৰ সভাপতিত্বত অনুষ্ঠিত এন এছ চি এন কেৰ গৱৰ্মেণ্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালিমৰ চৰকাৰৰ সাধাৰণ পৰিষদৰ বৈঠকত অধ্যক্ষ য়ু‌ংগ আঙক সংগঠনটোৰ সংবিধান " য়েহজাবো" নীতিৰ বিৰুদ্ধে গৈ এন এছ চি এন আই এমৰ সৈতে গোপনে আলোচনাত মিলিত হোৱাৰ অভিযোগত তেওঁক বিদ্ৰোহী খাপলাং গোটৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে ।

এন এছ চি এন কেৰ গৱৰ্মেণ্ট অৱ পিপলছৰ প্ৰেছ বিবৃতি

সম্প্ৰতি য়ুংগ আঙৰ ঠাইত এন এছ চি এন কেৰ নগা আৰ্মিৰ প্ৰাক্তন লেফটেন্টে জেনেৰেল নিয়েমলাঙ কন্যাক নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে নিয়েমলাঙ কন্যাক হৈছে নাগালেণ্ডৰ মন জিলাৰ বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ সদস্য। আনহাত লামকান নাগাক এন এছ চি এন কেৰ নতুন সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে ম্যানমাৰস্থিত এন এছ চি এন কেৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত এছ এছ খাপলাঙৰ মৃত্যুৰ পিছত খাংগো কন্যাকক অধ্যক্ষ নিযুক্তি দিয়া হৈছিল যদিও এবছৰ পিছতে তেওঁক অপসাৰণ কৰি এছ এছ খাপলাঙৰ ভতিজাক য়ু‌ংগ আঙে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ দুবছৰ ধৰি সংগঠনটোৰ নেতৃত্ব প্ৰদান কৰিছিল ।

কিন্তু বিগত এবছৰ পৰা নেতৃত্বত দুৰ্বলতাৰ বাবে এন এছ চি এন খাপলাং গোটৰ ম্যানমাৰ সেনাৰ দ্বাৰা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। যাৰ বাবে অৱশেষত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি মংগলবাৰে এনেদৰে সসন্মানেৰে য়ু‌ংগ আঙক অধ্যক্ষৰ দায়িত্ব পৰা অপসাৰণ কৰা হয় । ইফালে এই ঘটনাৰ পিছতে ভাৰতীয় নিৰাপত্তাসংস্থা সমূহে বিদ্ৰোহী সংগঠনটোৰ গতিবিধি পৰ্যবেক্ষন কৰি আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in