শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

সেনাৰ বৃহৎ সফলতাঃ নাগালেণ্ডৰ মন জিলাত ম্যানমাৰস্থিত এন এছ চি এন কে’ৰ মেজৰ জেনেৰেল গ্ৰেপ্তাৰ

734

ডিজিটেল সংবাদ, ৱাখাঃ চোৰাংচোৱাৰ বিশেষ খবৰৰ ভিত্তিত শনিবাৰে সেনাৰ বিশেষ গোট আৰু আছাম ৰাইফলছ যৌথ অভিযানত ম্যানমাৰস্থিত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন কেৰ য়ুংগ আঙ গোটৰ স্বয়ম্ভূ মেজৰ জেনেৰেল য়ামঘামক ওৰফে মৌপাক নাগালেণ্ডৰ মন জিলাৰ আবৈত গ্ৰেপ্তাৰ কৰে।

আছাম ৰাইফলছৰ সঞ্চালক প্ৰধান পি চি নায়াৰে শনিবাৰে ৰাজধানী ক’হিমাত এই কথা সদৰী কৰে। তেওঁ কয় যে, এন এছ চি এনৰ এগৰাকী শীৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰাটো সেনা বাহিনীৰ বাবে এক বৃহৎ সফলতা।

উল্লেখ্য যে, যোৱা ২৫ মে’ত মন জিলাত আছাম ৰাইফলছৰ ওপৰত কৰা আক্ৰমণত দুজন জোৱান নিহত হোৱা ঘটনাৰ সৈতে এই দুৰ্ধষ বিদ্ৰোহী মৌপা জড়িত আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি