পতাকা আৰু সংবিধানৰ অবিহনে নগা শান্তি চুক্তি সম্ভৱ নহয়…

পতাকা আৰু সংবিধানৰ অবিহনে নগা শান্তি চুক্তি সম্ভৱ নহয়…

ডিজিটেল সংবাদ ৱাখাঃ ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ মাজৰ বিগত দুবছৰ ধৰি স্থবিৰ হৈ পৰা নগা শান্তি আলোচনাৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক সোমবাৰে সম্পন্ন হয় । ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী ছাউনীত ভাৰত চৰকাৰৰ নৱ নিযুক্ত মধ্যস্ততাকাৰী অক্ষয় কুমাৰ মিশ্ৰ আৰু এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ সামূহিক নেতৃত্বতৰ মাজত প্ৰায় দুঘণ্টা জোৰা ৰুদ্ধদাৰ বৈঠকত মুখ্যতঃ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ মূল আধাৰ আৰু সুকীয়া পতাকা আৰু সংবিধান ওপৰত আলোচনা কৰা হয়।

এন এছ চি এনৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হয় যে, নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা ৰাজনৈতিক সমস্যা সমাধান সম্ভৱ নহয়। নগা সমস্যা সমাধানৰ ২০১৫ চনৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট পিন্সিপুলৰ অৰ্থাৎ নীতিৰ আধাৰত হ'ব লাগিব । আমাৰ দাবী নগা সমস্যাৰ সমাধান ইনক্লুচিভ হ'ব লাগিব । এক আলোচনা এক সমাধান হব লাগিব । কাৰণ এয়া ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অংশ । গতিকে সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা সমস্যাৰ সমাধান অৰ্থহীন ।

সোমবাৰৰ আলোচনাৰ সন্দৰ্ভত এন এছ চি এনৰ গৃহমন্ত্ৰী আৰ এইছ ৰাইজিঙে কয়- এন এছ চি এনৰ স্থিতি অতি স্পষ্ট যে নগা সমস্যা সমাধান ক্ষেত্ৰত আমাৰ মুখ্য নীতি হল সুকীয়া পতাকা আৰু সংবিধান । যদি সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে ভাৰত চৰকাৰৰ সৈতে হোৱা যিকোনো চুক্তি কেতিয়াও নগা জনসাধাৰণ আৰু এন এছ চি এনৰ বাবে গ্ৰহণযোগ্য নহয় । গতিকে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ হল মূল ভাৱনা বাবে আধাৰ ।

তেওঁ কয় কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুবছৰ ধৰি আলোচনা স্তব্ধ হৈ আছিল কিন্তু প্ৰধানমন্ত্ৰীয়ে পুনৰ তেওঁৰ নতুন প্ৰতিনিধিত্বৰ জৰিয়তে পুনৰ আলোচনা আগবঢ়াইছে । গতিকে এন এছ চি এনে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰত নগা সমস্যাৰ ইনক্লুচিভ অৰ্থাৎ সকলোকে সামৰি সমাধানকৰিবলৈ সদায় সাজু হৈ আছে । সেয়ে এক আলোচনা আৰু এক সমাধান হব লাগিব । নগা সমস্যাৰ সমাধান তথা চূড়ান্ত চুক্তি স্বাক্ষৰ কেতিয়া হ'ব সেই সন্দৰ্ভত কয়, ই নিৰ্ভৰ কৰিব দুয়োপক্ষই বিষয়টোক কিমান দায়বদ্ধতা আৰু নিষ্ঠাৰে লৈছে তাৰ ওপৰত ।

আমাৰ নিজা সংবিধান আৰু পতাকা আছে যদি ভাৰত চৰকাৰে নামানে নগা সমস্যা সমাধান সফল নহব আৰু তেনেহলে সংগ্ৰাম অব্যাহত থাকিব । ইফালে নেডাৰ আহবায়ক ড০হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মঙ্গলবাৰে এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ হবলগা বৈঠকৰ সন্দৰ্ভত কয়, আমি কেতিয়াও কোনো ৰাজনৈতিক নেতাৰ সৈতে নগা সমস্যাৰ সমাধানৰ সন্দৰ্ভত আলোচনা কৰা নাই। কিন্তু আমি আশাবাদী । উল্লেখযোগ্য যে মঙ্গলবাৰে ডিমাপুৰৰ ছুমুকেডিমাত এন এছ চি এন আই এমৰ মুৰব্বীৰ সৈতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in