নাগালেণ্ডৰ খিলঞ্জীয়া পঞ্জীয়ন ৰিনক নগা বিদ্ৰোহী সংগঠন এনএছচিএন আই এমৰ বিৰোধিতা

নাগালেণ্ডৰ খিলঞ্জীয়া পঞ্জীয়ন ৰিনক নগা বিদ্ৰোহী সংগঠন এনএছচিএন আই এমৰ বিৰোধিতা

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে সম্প্ৰতি নেইফিউ ৰিঅ চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা ৰেজিষ্টাৰ অৱ ইণ্ডিজেনাছ ইনহেবিটেন্স অৱ নাগালেণ্ড চমুকৈ ৰিনক বিৰোধীতা কৰিছে। নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে কৈছে যে, নগা পৈতৃক ভূমিত বসবাস কৰা সকলো নগাই খিলঞ্জীয়া। কিন্তু এয়া ৰিঅ চৰকাৰৰ খিলঞ্জীয়া পঞ্জীয়নৰ জৰিয়তে নগাসকলৰ বৈধ অধিকাৰৰ সন্দৰ্ভত পৰস্পৰ বিৰোধী কাম। এন এছ চি এন আই এমে এক প্ৰেছবাৰ্তাত কয় যে, ৰিন প্ৰৱৰ্তনত চৰকাৰৰ ৰাজনৈতিক স্বাৰ্থ নিহিত আছে। ৰিন তাহানিৰ ১৬ দফীয়া নগা চুক্তিৰ সমৰ্থকৰ প্ৰয়াস। প্ৰকৃততে ৰেজিষ্টাৰ ইণ্ডিজেনাছ অৱ নাগালেণ্ডে নাগালেণ্ডৰ নগা জাতীয়তাক কৰিব নোৱাৰে।

ৰিনৰ উদ্দেশ্য বিশুদ্ধ নগা জাতিক বিভাজন কৰাৰ এক ষড়যন্ত্ৰ বুলি সংগঠনটোৱে উল্লেখ কৰে। লগতে উল্লেখ কৰে যে, 'নগাসকলক কৃত্ৰিম ৰাজ্য বা আন্তঃৰাষ্ট্ৰীয় সীমাৰে বিভাজিত কৰিব বিচৰা এই প্ৰক্ৰিয়া কেতিয়াও স্বীকাৰ নকৰে আৰু সফল হবলৈও নিদিয়ে। চৰকাৰে প্ৰকৃততে নগাসকলক উদ্ভাসিত কৰিব পৰা ৰাজনৈতিক পদক্ষেপ লোৱা উচিত। আই এমৰ মতে ৰিন জৰিয়তে নগা সমস্যাৰ সমাধান কেতিয়াও নিৰ্ণয়াক হ'ব নোৱাৰে যদিহে নগা আৰু ভাৰত চৰকাৰৰ মাজত পাৰস্পৰিক সহমতৰে নগা সমস্যাৰ সন্মানজনক ৰাজনৈতিক সমাধান নহয়। এন এছ চি এনে অতীতৰ ১৬ দফীয়া নগা চুক্তিৰ আধাৰ বৰ্তমানৰ নগা সমস্যাৰ সমাধান প্ৰক্ৰিয়াক দুৰ্বল কৰা এনে পদক্ষেপক অতি সুক্ষ্মতাৰে পৰ্যবেক্ষণ কৰি আছে।'

ইফালে ৰেজিষ্টাৰ ইণ্ডিজেনাছ ইনহেবিটেন্স অৱ নাগালেণ্ড ৰিনৰ সন্দৰ্ভত বিস্তৃত অধ্যয়ন কৰা উদ্দেশ্য অহা ১৭ জুলাইত ৰাজধানী ক'হিমাত এখন জৰুৰী পৰামৰ্শদাতা বৈঠক আহবান কৰিছে ৰিঅ চৰকাৰে। নাগালেণ্ডৰ গৃহ আয়ুক্তই সকলো নগা ট্ৰাইবেল হোহো, নাগৰিক সমাজ আৰু ২৭ টা সংগঠনক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে। বৈঠকত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ উপমুখ্যমন্ত্ৰী ৱাই পাট্টনে বৰ্তমান চলি থকা ৰিনৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in