ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ডিমাপুৰ: দিল্লীৰ সৈতে প্ৰস্তাৱিত মগা চুক্তি ফলপ্ৰসু হ'বলৈ হ'লে নাগা জাতীয় পতাকা আৰু নাগা সংবিধান(য়েহযেবো)খনক ইয়াৰ অন্তৰ্ভূক্ত কৰিব লাগিব তেতিয়াহে ভাৰত-নাগা সংঘাটৰ স্থায়ী সমাধান সম্ভৱপৰ হ'ব। এই কথা পুনৰ দোহাৰিছে এন এছ চি এনে( আই এমে)।

শুকুৰবাৰে হেব্ৰনত থকা বিদ্ৰোহী সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এন এছ চি এন আৰু জি পি আৰ এনৰ কেন্দ্ৰীয় পৰিষদৰ এখন যৌথসভাত ভাৰত-নাগা সংঘাটৰ মিমাংসা সম্পৰ্কীয় বিস্তূত আলোচনাকালত নগা সকলৰ ৰাজনাতিক অধিকাৰত ইয়াৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

সভাৰ পিছত সংগঠন দুটাই প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই কথাও প্ৰকাশ হয় যে ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত সম্পাদন হ'বলগা শান্তি চুক্তিৰ আধাৰ হব লাগিব ২০১৫ৰ ৩ আগষ্টত সম্পাদিত ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট। যৌথ সভাখনত সেই সম্পৰ্কতো আলোচনা কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in