ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ বিগত ৮ দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ চূড়ান্ত সমাধানত উপনিত হ'বলৈ গৈ থকা সময়তে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)এ এই বুলি স্পষ্ট কৰিছে নগাসকল ভাৰত ইউনিয়নৰ সৈতে বিলয় নহয় বৰঞ্চ পৃথক ইউনিয়ন হিচাপে থাকি ভাৰতৰ সৈতে মিলিহে কাম কৰিব। কিয়নো নগাসকলে ভাৰতীয় সংবিধান নামানে।
অৱশ্যে ভাৰতৰ দক্ষতাৰ আধাৰত নগাসকলে সাৰ্বভৌমত্ব ক্ষমতা ভগাই লৈ সহাৱস্থান কৰি কাম কৰি যাব । যোৱা মংগলবাৰে হেব্ৰুনৰ মুখ্যকাৰ্যালয়ৰ পৰা এন এছ চি এন (আই এম)ৰ গৃহমন্ত্ৰালয়ৰ পৰা জাৰি কৰা এক প্ৰেছবাৰ্তা এই বুলি কৈছে যে- একাংশ সুবিধাবাদী , বিৰোধী আৰু দেশদ্ৰোহীয়ে, যিসকলে কোনোদিনে নাগালিমৰ বাবে সংগ্ৰাম তথা আত্মত্যাগ কৰা নাছিল। সেইসকলে এতিয়া নগা সমস্যাৰ সমাধানৰ পথ চমু চাপি অহাৰ লগে লগে নিজৰ দাবী উথাপন কৰিবলৈ আৰম্ভ কৰিছে ।
সোমবাৰে তেওঁলোকে যি ফলাফল দাবী কৰিছে এই প্ৰাপ্যৰ বাবে তেওঁলোক কোনোদিন সাজু নাছিল । সম্প্ৰতি বিদ্ৰোহী সংগঠনটোৱে এই বুলি কৈছে যে এন এছ চি এন (আই এম)ৰ সৈনিকসকলে নগাভূমিৰ বাবে চাৰিওদিশত বহিৰাগত আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজ দিছিল। সেই সময়ত এইসকল সুবিধাবাদীসকল ক'ত আছিল ? ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ক'ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে । কিন্তু এতিয়া নগা ৰাজনৈতিক সমস্যা সমাধানৰ চূড়ান্ত পৰ্যায়ত উপনিত হোৱাৰ সময়ত এই সংগ্ৰাম আৰু অধিকাৰ দাবী কৰিবলৈ আৰম্ভ কৰিছে ।
এন এছ চি এন আই এমৰ মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰৰ সময়ছোৱাত এন এছ চি এন আই এমক এই বুলি কৈছিল- "আপোনালোক নগাসকলৰ প্ৰতিনিধি । এই কথা আপোনালোকে নিজেই তাক প্ৰমাণ কৰিছে । নগা সমস্যাৰ বিষয়টো মোৰ হাতত আছে । আশা ৰাখিছো ভৱিষ্যতে ভাৰতীয় নেতাসকলে এই কথা ৰাখিব ।"
বৰ্তমানেও এন এছ চি এনে নগা গাঁৱ, নাগৰিক সমাজ, ৰাজনৈতিক দল আৰু গিৰ্জাক প্ৰতিনিধিত্ব কৰি আছে । উল্লেখযোগ্য যে বিদ্ৰোহী সংগঠনটোৱে ছয় নগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে ভাৰত চৰকাৰৰ আলোচনাৰ সন্দৰ্ভত এই মন্তব্য কৰিছে । ইফালে যোৱা সোমবাৰে ডিমাপুৰ ছুমুকেডিমাৰ আৰক্ষী ছাউনীত এন এছ চি এন আই এমৰ মুৰব্বী থুইংগালেঙ মুইভা আৰু ৰাজ্যপাল তথা নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবিৰ মাজত এখন ৰুদ্ধদ্বাৰ অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈ যায় ।
বৈঠকৰ সন্দৰ্ভত এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ামতে এই বৈঠকত আগন্তুক শান্তি আলোচনাৰ সন্দৰ্ভত বিশেষকৈ চৰ্চা কৰা হয় । নগা শান্তি আলোচনাৰ পৰৱৰ্তী বৈঠক নতুন দিল্লীত শীঘ্ৰে অনুষ্ঠিত হ'ব । জানিব পৰামতে পৰৱৰ্তী বৈঠকত নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো মুখ্যত: আলোচনা কৰা হ'ব ।
ইফালে, ৰাজ্যপাল আৰ এন ৰবিয়ে এই বুলি ইংগিত প্ৰদান কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক অক্টোবৰ মাহৰ ভিতৰত নগা সমস্যাৰ চূড়ান্ত সমাধান নিস্পত্তি কৰিবলৈ নিৰ্দেশ দিছে । ইফালে যোৱা শনিবাৰে বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান আল্ জাজিৰাক হেব্ৰুনৰ কাৰ্যালয়ত দিয়া এক বিশেষ আছুতীয়া সাক্ষাৎকাৰত ভাৰত চৰকাৰে হোৱা ইণ্ডো-নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ সন্দৰ্ভত থুইংগালেং মুইভাই এই বুলি কৈছে- "আমাৰ পতাকা, আমাৰ সংবিধান আমাৰ হ'ব আৰু আপোনালোকৰ পতাকা, আপোনালোকৰ সংবিধান আপোনালোকৰ হ'ব । এয়া আমাৰ পৰিচয় এই ক্ষেত্ৰত কোনো আপোচ অথবা প্ৰত্যাহাৰ কৰা ন'হব বুলি স্পষ্ট কৰিছে।"
এই এন এছ চি এনৰ শেহতীয়া এই দুয়োটা বাৰ্তাৰ জৰিয়তে ভাৰত চৰকাৰক এই বুলি স্পষ্ট কৰি দিছে যে তেওঁলোকে ভাৰত ইউনিয়নৰ সৈতে বিলয় নহয় আৰু পৃথক পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত যে এতিয়া যে দৃঢ় মতত আছে তাকে প্ৰকাশ কৰিছে ।
আনহাতে তেওঁলোকে ভাৰত আৰু নাগালিম হিচাপে পৃথক পৃথক ইউনিয়ন হিচাপে সহাৱস্থান কৰি ভাৰতৰ সৈতে মিলি একে লগে কাম কৰিব বুলি স্পষ্ট কৰিছে । আৰু ভাৰতৰ দক্ষতাৰ আধাৰত নগাসকলে সাৰ্বভৌমত্ব ক্ষমতা ভগাই লোৱাতহে ইচ্ছুক। উল্লেখযোগ্য নগা বিদ্ৰোহী সংগঠনৰ এনে শেহতীয়া এই স্পষ্টীকৰণৰ পিচত ভাৰত চৰকাৰ কি পদক্ষেপ ল'ব অথবা নগা শান্তি আলোচনা ভৱিষ্যতে কোন দিশে গতি কৰে সেয়া নিশ্চয় লক্ষনীয় হ'ব ।