ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ…

ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ…

ডিজিটেল সংবাদ, ৱাখাঃ ২১ দিনীয়া লকডাউনৰ ফলত ডিমাপুৰত ভীষণ খাদ্য সামগ্ৰী নাটনি সন্মুখীন হোৱা দৰিদ্ৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক মুইভা গোটে সোমবাৰে সহস্ৰাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

সোমবাৰে দুপৰীয়া ডিমাপুৰ জিলাৰ নিউলেণ্ড মহকুমাৰ হভুখু গাঁৱকে ধৰি ছখন গাঁৱৰ প্ৰায় এহেজাৰ দুখীয়া পৰিয়ালক এন এছ চি এনৰ ফালৰ পৰা ১০ কেজি চাউল, ২ কেজি আলু, ১ কেজি দাইল, ২ কেজি নিমখ, ১ লিটাৰ মিঠাতেল আৰু চাবোন বিতৰণ কৰে।

বিদ্ৰোহী সংগঠনটোৰ হৈ এই খাদ্য সামগ্ৰী বিতৰণ কৰে এন এছ চি এন মুইভা গোটৰ ডিমাপুৰ জ্যেষ্ঠ নেতা কিখেটো ছিছিয়ে। মানৱীয় সংকটৰ সময়ত এনেদৰে বিদ্ৰোহী সংগঠনটোৱে দৰিদ্ৰ ৰাইজক সাহায্য আগবঢ়োৱাত ডিমাপুৰৰ নগা ৰাইজে শলাগ লৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in