শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ মুৰব্বী থুইংগালেং মুইভা অসুস্থ…

522

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা অসুস্থ হৈ পৰাৰ বাবে সোমবাৰে বিশেষ চাৰ্টাৰ বিমানেৰে দিল্লীলৈ নিয়া হৈছে । উল্লেখযোগ্য যে, বিগত এসপ্তাহৰ পৰা শাৰীৰিক সমস্যাত ভূগি থকা মুইভাৰ দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত লৰালৰিকৈ চিকিৎসাৰ বাবে সোমবাৰে দিল্লীলৈ যোৱা হয়।

চাৰ্টা বিমানত মুইভাৰ সৈতে তেওঁৰ পত্নী আৰু এন এছ চি এনৰ সাত গৰাকীলোক দিল্লীলৈ গৈছে। অৱশ্যে বিদ্ৰোহী সংগঠনটোৰ সাধাৰণ সম্পাদক মুইভাক কোন চিকিৎসালয়ত ভৰ্তি কৰাইছে বা কি ৰোগত আক্ৰান্ত হৈছে সেই সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও চিকিৎসা বাবে নিয়া বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, ৮৬ বছৰীয়া থুইংগালেং মুইভাৰ স্বাস্থ্য ভালে নথকাৰ বাবে ভাৰত চৰকাৰৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল কৰিছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি