শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন এছ চি এনৰ ভয়াবহ এম্বুশ্ব, নিহত আছাম ৰাইফলছৰ জোৱান…

356

ডিজিটেল সংবাদ, ইটানগৰ : অৰুণাচল প্ৰদেশত বুধবাৰে পুৱাৰ ভাগতে উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ এটা বৃহৎ দলে আছাম ৰাইফলছৰ ছয়জনীয়া দল এটাৰ ওপৰত এম্বুশ্ব কৰে । টিৰাপ জিলাৰ খনচা-লাজু পথৰ মাজৰ জংঘলৰে আৱৰা পথ এটাত লুকাই থকা সন্ৰাসবাদীয়ে তহলদাৰী জোৱানসকললৈ লক্ষ্য কৰি ধাৰাষাৰ গুলিচানা কৰে । এই অতৰ্কিত আক্ৰমণত আছাম ৰাইফলছৰ এজন জোৱান ঘটনাস্থলীতে নিহত হয় । নিহত জোৱানজনক অন্ধ্ৰ প্ৰদেশৰ বাবু ৰাও বুলি চিনাক্ত কৰা হৈছে । খনচা-লাজু পথৰ চানলিয়াম নামৰ ঠাইখনৰ তিনি আলিৰ ওচৰত সংঘটিত হোৱা এই কূটাঘাতত এন এছ চি এন (আই এম) জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

চলিত অক্টোবৰ মাহৰ ৪ অক্টোবৰত চাংলাং জিলাৰ মনমাও অঞ্চলত এন এছ চি এনৰ আন এটা গোটে আলফা(স্বা)ৰ সহযোগত কৰা এম্বুশ্বতো এজন জোৱান নিহত হৈছিল । ভিতৰতে অৰুণাচল প্ৰদেশৰ এন এছ চি এন অধ্যুষিত টিৰাপ, চাংলাং আৰু লংডিং জিলাত শেহতীয়াকৈ এনে কূটাঘাতমূলক ঘটনা বৃদ্ধি পোৱাত স্বাভাবিকতে বিমোৰত পৰিছে সেনা-আৰক্ষী । নগা শান্তি চুক্তি কাৰ্যকৰি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া তৎপৰতাৰ বাবেই নগা সন্ত্ৰাসবাদী সংগঠনসমূহে নিজৰ গতিবিধি সক্ৰিয় কৰা বুলি অনুমান কৰা হৈছে ।

কাৰণ প্ৰস্তাবিত নাগালিমত অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছে এন এছ চি এনে । বিপৰীতে অৰুণাচল প্ৰদেশ চৰকাৰে কোনো কাৰণতে জিলা তিনিখন নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ দিব বিচৰা নাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি