ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ অভিযানত ক্ষুব্ধ এন এছ চি এন ইছাক মুইভা গোট…

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ অভিযানত ক্ষুব্ধ  এন এছ চি এন ইছাক মুইভা গোট…


ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰেৰে চুড়ান্ত নগা চুক্তি স্বাক্ষৰৰ দুৱাৰদলিত উপনীত হোৱাৰ সময়তে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক মুইভা গোটে যুদ্ধ বিৰতি চুক্তিৰ উলংঘাৰ অভিযোগ তুলি পুনৰ ভাৰত বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম গঢ়ি তোলাৰ কঠোৰ সকীয়নি প্ৰদান কৰিছে ।

দেওবাৰে সংগঠনটোৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰনৰ পৰা গৰ্বমেন্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালিম চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে জাৰি কৰা এক প্ৰেছবাৰ্তাত এই বুলি অভিযোগ উত্থাপিত কৰিছে যে ১৯৯৭ চনৰ পৰা বিগত দুটা দশকত যুদ্ধ বিৰতিৰ সময়চোৱাত ভাৰতীয় সেনাৰ দ্বাৰা অসংখ্যবাৰ যুদ্ধ বিৰতিৰ উলংঘা কৰা হৈছে ।

বিশেষকৈ ইটালীৰ মিলান চুক্তি স্বাক্ষৰ পিচতো এন এছ চি এন ইছাক – মুইভা গোটৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ তদন্তকাৰী সংস্থা নিয়াই চলাই থকা অভিযান গভীৰ উদ্বেগৰ বিষয় । নগা বিদ্ৰোহী সংগঠনটোৱে কয় যে ২০০৯ চন ৰ পৰা ২০১৯ চনলৈ এন আই এৰ অভিযান ক্ৰৰ্মাৎ বৃদ্ধি পাইছে । এন আই আৰ এই অভিযান ২০১৫ চনৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ সিদ্ধান্তৰ পৰিপন্থীন।

কিয়নো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টে নগাসকলৰ সাৰ্বভৌমত্ব অধিকাৰক আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল । কিন্তু বৰ্তমান ভাৰত চৰকাৰে এন এছ চি এনৰ সদস্যৰ বিৰুদ্ধে ভাৰতীয় আইন আৰু ব্যৱস্থা জাপি দিছে । ইছাক মুইভা গোটৰ মতে এনেধৰণৰ কাৰ্য দ্বাৰা অবিশ্বাসৰ জন্মদি ৰাজনৈতিক আলোচনা ধবংস কৰাতকৈ আলাপ আলোচনাহে কৰা উচিত ।

উল্লেখযোগ্য যে বিদ্ৰোহী সংগঠনটোৱে অলপতে এন এছ চি এন ইছাক- মুইভা গোটৰ পূৰ্বৰ কামাণ্ডাৰ ইন চীফ ফুটিং চিমৰেঙৰ পত্নী অলেমা জমিৰক গ্ৰেপ্তাৰ কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এন এছ চি এন ইছাক মুইভা গোটে এই বুলি কৈছে যে অলেমা জমিৰ গৰ্বমেন্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালিম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী ।

তেওঁক নিয়াই বিদ্ৰোহী সংগঠনলৈ পুঁজি সৰবৰাহ কৰাৰ অভিযোগত নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা কাৰ্য আশ্চৰ্যজনক । নিয়াই অলেমা জমিৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গুৰুত্বসহকাৰে লৈছে এন এছ চি এন আই এমে । জানিব পৰা মতে অলেমা জমিৰ স্বামী ফুটিং ছিমৰেঙে ৩১ অক্টোবৰ পূৰ্বে ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ চীনৰ সমৰ্থনৰ বাবে য়ুনানত আশ্ৰয় গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে এন এছ চি এনৰ বিৰুদ্ধে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিব বাবেই এনেদৰে অলেমা জমিৰক গ্ৰেপ্তাৰ কৰা কথা স্পষ্টহৈ পৰিছে। সম্প্ৰতি নিয়াই অলেমা জমিৰক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যত এন এছ চি এন ইছাক মুইভা গোট ক্ষুব্ধ হৈ পৰিছে ।

স্মৰ্তব্য যে নগা বিদ্ৰোহী সংগঠনটোৱে এই বুলি কৈছে যে ২০০২ চনৰ ১৮ নবেম্বৰত ইটালীৰ মিলান চহৰত ভাৰতৰ চৰকাৰ আৰু এন এছ চি এন আই এমৰ মাজত এন এছ চি এন বিৰুদ্ধে নিষিদ্ধ সংগঠনৰ প্ৰতিবন্ধকতা উঠাই লবলৈ এখন চুক্তি স্বাক্ষৰ কৰিছিল ।

কিন্তু এই মিলান চুক্তি স্বাক্ষৰৰ পিছতো ভাৰতীয় চোৰাংচোৱা আৰু নিয়াই অভিযান চলোৱা কাৰ্যই অবিশ্বাসৰ পৰিবেশ সৃষ্টি কৰিছে । নতুন দিল্লীক এনে দুমখীয়া নীতি পৰিহাৰ কৰি নগা সমস্যা সমাধান সন্মানজনক আৰু স্বীকাৰ্য কৰিবলৈ আহবান জনায়।

উল্লেখযোগ্য যে যোৱা ২৬ জানুৱাৰীত জাৰি কৰাৰ এই বাৰ্তাই পৰোক্ষভাৱে ইছাক মুইভা গোটে যুদ্ধ বিৰতি ভংগ কৰাৰ সকীয়নি দিয়াৰ ইংগিত বহন কৰিছে । ইফালে বিদ্ৰোহী সংগঠনটোৰ জ্যেষ্ঠনেতা হাংছি ৰামছন টাংখুলৰ নেতৃত্বত প্ৰায় ৪০০ সশস্ত্ৰ কেডাৰে ম্যানমাৰ ছমা ট্ৰেক্ট অঞ্চলত শিবিৰ পাতি সংগ্ৰামৰ বাবে প্ৰস্তুতি চলোৱাৰ তথ্য পোহৰলৈ আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in