দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক…

দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক…
  • ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক দিয়া হৈছে দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব।
  • সেই অনুসৰি অজিত ডোভালে মঙলবাৰে নিশা পৰিদৰ্শন কৰে দিল্লীৰ কেবাটাও স্থান।
  • বৰ্তমান তেওঁ দিল্লীত দেখা পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় কেবিনেট অৱগত কৰাৰ বাবে ৰাওনা হৈছে।
  • অজিত ডোভাল মঙলবাৰে নিশা পৰিদৰ্শন কৰে জাফ্ৰাবাদ, চিলামপুৰৰ লগতে উত্তৰ দিল্লীৰ আন কেবাটাও স্থান।
  • এই পৰিদৰ্শন কালত তেওঁ বিভিন্ন সংগঠন তথা বিভিন্ন সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in