২৫ কোটি টকা বাজেটেৰে কোভিড ১৯ ৰ লগত যুঁজিবলৈ সাঁজু এন আৰ এল…

২৫ কোটি টকা বাজেটেৰে কোভিড ১৯ ৰ লগত যুঁজিবলৈ সাঁজু এন আৰ এল…

ডিজিটেল সংবাদ,বোকাখাত : দেশ তথা ৰাজ্যত কোভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এন আৰ এলে ২৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে এন. আৰ. এল কৰ্তৃপক্ষই।কোম্পানীটোৱে ক'ভিড সৃষ্ট পৰিবেশৰ সৈতে যুঁজ দিবলৈ আৰু বিভিন্ন সুবিধা আৰু ব্যৱস্থা কৰাৰ বাবে এই ধন খৰচ কৰিব।

ইয়াৰ ভিতৰত এন. আৰ. এলে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এখন মেকশ্চিষ্ট ক'ভিড হাস্পতাল বনাবলৈ সাত কোটি টকা নিৰ্ধাৰণ কৰিছে। এই হাস্পতালখন এমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ১২০ খন বিচনাযুক্ত এই হাস্পতালখনত ২০খন আই চি ইউ বিচনা থাকিব, যিকেইখনত ভেন্টিলেট'ৰ, কার্ডিয়াক ম'ণিটৰ, অক্সিজেন ক'নছেণ্টেটৰ আৰু অক্সিজেন ছিলিণ্ডাৰেৰে সমৃদ্ধ হ'ব। আনহাতে, তিতাবৰ ছিভিল হাস্পতালত ১০০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।

এনেধৰণৰ অন্য কেইখনমান ক' ভিড কেয়াৰ চেণ্টাৰ সৰুপথাৰ, বোকাখাত আৰু গোলাঘাটত স্থাপন কৰা হ'ব। নুমলীগড় স্থিত ভি. কে. এন. আৰ. এল স্কুল অৱ নাৰ্ছিঙক ২০২১ ৰ মে' মাহৰ মাজভাগত ৭০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰলৈ পৰিবৰ্তিত কৰা হ'ব। এই হাস্পতালত ভি. কে. এন. আৰ. এলৰ সকলো ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰীয়ে ২৪ ঘণ্টাই সেৱা আগবঢ়াব।

উল্লেখ্য, এন. আৰ. এলে এন ৯৫ মাস্ক, পালচ অক্সিমিটাৰ, হেণ্ড ছেনিটাইজাৰ, এয়াৰ কণ্ডিছ'নাৰ, নেবুলাইজাৰ, বি পি জোখা যন্ত্র সম্বন্বিতে বিভিন্ন চিকিৎসা সঁজুলি আৰু ব্যৱস্থাৱলী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ক প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, কোম্পানীটোৱে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ক ২৫০ অক্সিজেন ছিলিণ্ডাৰ (১০ লিটাৰ/ ৪৭ লিটাৰ) প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। এই ছিলিণ্ডাৰখিনি ২০২১ ৰ জুন মাহৰ তৃতীয় সপ্তাহত হস্তান্তৰিত হ'ব। ইয়াৰ লগতে, বিভিন্ন চিকিৎসালয়ত অক্সিজেন ক'নছেনট্রেট'ৰ যোগান ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ আগতে এন. আৰ. এলে ভেকচিন ৰাখিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ৩৫টা ডীপ ফ্ৰিজাৰ প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ পদক্ষেপৰ অংশ ৰূপে এন. আৰ. এলে বিহাৰৰ চাৰিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অক্সিজেনৰ প্ৰয়োজন পুৰণ কৰাৰ উদ্দেশ্যেৰে প্রতি মিনিটত ৫০০/১০০০ লিটাৰ উৎপাদন ক্ষমতাৰ অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্রকল্পটোত অক্সিজেন উৎপাদন কার্য এই বছৰৰ জুলাই মাহৰ পৰা আৰম্ভ হ'ব।

এন. আৰ. এলে ক' ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি কোম্পানীটোৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহ, ঠিকাদাৰসমূহ, হিতাধিকাৰীসমূহ আৰু সমীপবর্তী অঞ্চলৰ লোকসকলক প্রতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এন. আৰ. এলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে নুমলীগড় আৰু -শিলিগুড়িত ক'ভিড কেয়াৰ চেণ্টাৰ, আইছ' লেশ্বন আৰু কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে বনাই দিয়া হৈছে। লগতে এন. আৰ. এল. টাউনশিপস্থিত ভি. কে. এন. আৰ. এল. হাস্পতালত প্রতি মিনিটত ৫০০ লিটাৰ উৎপাদন ক্ষমতাৰ এটা অক্সিজেন প্রকল্প স্থাপন কৰাৰ ব্যৱস্থা কৰিছে । এই প্ৰকল্প ২০২১ ৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।

ইয়াৰ উপৰিও নুমলীগড়, গোলাঘাট, বোকাখাত আৰু ডেৰগাঁও আদি স্থানত ছাৰ্জিকেল মাস্কৰ বিতৰণ বঢ়াই দিয়া হৈছে । এতিয়ালৈ এই স্থানবোৰত দুই লাখতকৈ অধিক মাস্ক বিতৰণ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in