৩৩৬৯খন আঁচনিৰে আজিৰে পৰা পুনৰ আৰম্ভ এনৰেগা

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ, যোৰহাটঃ চাওতে চাওতে শাওণ মাহ শেষ হ'বৰ হল। গাঁওবোৰতো ব্যস্ততা ক্ৰমাৎ কমি আহিছে। এঘৰ-দুঘৰকৈ লাহে লাহে গাঁৱৰ মানুহবোৰে ধান ৰোৱা সামৰিছে। মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰি বছৰৰ ধানমুঠিৰ বাবে গোজ মৰা শেষ হৈছে। শ্ৰমৰ দিনবোৰৰ পাছত কেইদিনমান অলপ সুখেৰে কটোৱাৰ সময়।

পুনৰ ধৰিব লাগিব নতুন কামত। ভাদ সোমোৱাৰ লগে লগে বতব ফৰকাল হ'ব। আৰম্ভ হ'ব শুকানৰ দিন। খেতিয়কেও সন্ধান কৰিব নতুন অৰ্থ উপাৰ্জনৰ বাট। ভৰালত ধান থকাৰ বাবে চাউলৰ বাবে চিন্তা নাই যদিও তেল নিমখৰ বাবে দুপইচা উলিয়াবলৈ হাতত দা খন বা কোৰখন লৈ ওলাই যাব গাঁৱৰ অধিকাংশ দৰিদ্ৰ খেতিয়ক।

বছৰি এইছোৱা সময়তে জীৱন জীবিকাক লৈ চিন্তা কৰিবলগীয়া হোৱা এইসকল লোকৰ বাবে বিগত কেইবছৰমানত আশাৰ বতৰা কঢ়িয়াই আনিছে এখন আঁচনিয়ে। এইসকলক নিয়োগৰ নিশ্চিতি দি উপকৃত কৰিছে এই আঁচনিয়ে। বাৰিষা পানীৰে পূৰ্ণ হৈ থকা পুখুৰী বা খালটোৰ এইছোৱা সময়ত চিৰালফাট দিয়া অৱস্থাই এইসকললৈ কঢ়িয়াই সৌভাগ্যৰ বতৰা। কাৰণ নিয়োগ নিশ্চিত কৰা এই 'এনৰেগা ' আচনিৰ জৰিয়তে উপকৃত হব বহুজন।

বিগত কেইবছৰত এই আঁচনিয়ে হাজাৰজনৰ বাবে সৌভাগ্য কঢ়িয়াইছে যদিও বহুতৰ বাবে মাতি আনিছে দুৰ্ভাগ্যৰ কলীয়া ডাৱৰ। কাৰণ হ'ল দুৰ্নীতি। দৰিদ্ৰক মুখৰ ভাত দিবলৈ ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দৰিদ্ৰৰ মুখৰ ভাত কাঢ়িবলৈ গৈ ৰঙা ঘৰত ভাত খাবলগীয়া হৈছে বহুজনে। কি জনপ্ৰতিনিধি, কি বিষয়া, কি আমোলা কোনো বাদ পৰি ৰোৱা নাই। কৃতকৰ্মৰ ফল বহুজনেই ভোগ কৰিছে ৰঙাঘৰত অতিথি হৈ।

আনকি গাঁৱে-গাঁৱে চুকে-কোণে মকৰা জালৰ দৰে প্ৰায় সকলোকে চুই গৈছে এই অনিয়মে। দুৰ্নীতি-অনিয়মৰ কেলেংকাৰীত নিমজ্জিত হোৱা অসম মুলুকত আঁচনি ৰূপায়ণৰ এনে ওলোটা গতিয়ে দৰিদ্ৰক ভাত দিব পৰা আঁচনিখনকে প্ৰহসনত পৰিণত কৰাৰ উকমুকনি ঘটাইছে। গাঁৱৰ তৃণমুল পৰ্য্যায়ত অধিকাংশ লোক জড়িত আঁচনিখনৰ জৰিয়তে ঘৰে ঘৰে প্ৰভাৱ পৰে অৰ্থনৈতিক দিশত। সেয়ে সকলোৱে আশা কৰে উপাৰ্জন আৰু সঞ্চয় হ'ব।

এইবাৰো পুনৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে এনৰেগা আঁচনি। আজিৰে পৰা ৰাজ্যখনত হ'বলগীয়া প্ৰাৰম্ভিক আঁচনিৰ বিষয়ে ঘোষণা কৰা হৈছে। ৰাজ্যৰ ৩২ খন জিলাত ৰূপায়ণ হ'বলগীয়া সৰ্বমুঠ ৩৩৬৯খন আঁচনি আজিৰে পৰা মুকলি কৰা হৈছে। খণ্ড উন্নয়ন পৰ্যায়ৰ জৰিয়তে আঁচনি ৰূপায়ণৰ বাবে সাজু হৈছে চৰকাৰ।

ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল উকলি যোৱাত উন্নয়ন খণ্ডৰ প্ৰত্যক্ষ তদাৰকীত ৰূপায়িত হ'ব আঁচনি। সেয়ে আঁচনিক লৈ পুনৰ প্ৰশ্ন উঠিছে সফলভাবে ৰূপায়ণ হ'বনে আঁচনিখন? আৰ্থিক বিকেন্দ্ৰীকৰণৰ এই পৰ্যায়ে প্ৰকৃত সুফল দিবনে গাঁওবাসীক? নে দুৰ্নীতিৰ আন এক সুকীয়া বিকেন্দ্ৰীকৰণহে হ'ব এনৰেগা। দৰিদ্ৰৰ ঘৰে ঘৰে পইচা সোমাব নে দুৰ্নীতিয়ে সকলোবোৰ প্ৰহসনত পৰিণত কৰিব, সেয়া এতিয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in