‘পেটত গামোছা বান্ধি আৰু কিমানদিন কম্পিউটাৰ চলাম?’

‘পেটত গামোছা বান্ধি আৰু কিমানদিন কম্পিউটাৰ চলাম?’

ডিজিটেল সংবাদ, গোলাঘাটঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম। এফালে নাগৰিকপঞ্জীৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ, আনফালে বিনা বেতনে কৰ্মচাৰীক কাম কৰিবলৈ বাধ্য কৰিব বিচৰা হৈছে।

গোলাঘাট জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত ১৭৬ জন কৰ্মচাৰীয়ে লাভ কৰা নাই চাৰি মাহৰ দৰমহা। যাৰফলত নিজৰ প্ৰাপ্য বিচাৰি গ্ৰহণ কৰিবলগীয়া হৈছে প্ৰতিবাদী কাৰ্যসূচী।

ইতিমধ্যে যোৱা ১৩ আগষ্টৰ পৰা এইসকল কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰিছে। আজি কৰ্মচাৰীসকলে গোলাঘাটৰ এনআৰচিৰ কাৰ্যালয়ৰ সমুখত ধৰ্ণা কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষুব্ধ কৰ্মচাৰীসকলে আজি সংবাদ মাধ্যমৰ আগত কয় যে বকেয়া দৰমহা নাপালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰাৰ কামত অংশগ্ৰহণৰ পৰা তেওঁলোক বিৰত থাকিব। পেটত গামোছা বান্ধি দিনটো কম্পিউটাৰৰ সমুখত বহি দীৰ্ঘদিন ৰাইজৰ সেৱা কৰাতো সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিয়ে কৰ্মচাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in