এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ চূড়ান্ত এন আৰ চি খচৰা প্ৰকাশ কৰাৰ পাছত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব এই গোচৰৰ চূড়ান্ত শুনানি।

আবেলি ২ বজাত ন্যায়াধীশ ৰঞ্জিত গগৈৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে এন আৰ চি সন্দৰ্ভত ভালে কেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ সম্ভাৱনা আছে। বিশেষ কৈ এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বিদেশী নাগৰিকৰ নাম কৰ্তনৰ ক্ষেত্ৰত ন্যায়ালয়ে কি নিৰ্দেশ তাক লৈ সকলোৱে দৃষ্টি ৰাখিছে।

কিয়নো পূৰ্বে ন্যায়ালয়ে এন আৰ চি খচৰাত অন্তৰ্ভুক্ত কোনো লোকৰ বিৰুদ্ধে অবৈধ নাগৰিক বুলি অভিযোগ আনিলে, সেই অভিযোগ প্ৰমাণ কৰিব নোৱাৰা লোকক ৫০হাজাৰ টকা জৰিমনা আৰু দুবছৰ কাৰাদণ্ড দিয়া হ'ব বুলি ৰায় দিছিল। এই নিৰ্দেশ সংশোধন কৰিবলৈ ন্যায়ালয়ক আবেদন জনাব ৰাজ্য চৰকাৰে।

লক্ষণীয় যে, ২০০৫চনত ন্যায়ালয়ে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াত থকা জটিলতাৰ কথা স্বীকাৰ কৰি সৰ্বানন্দ সোণোৱালে দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ ভিত্তিত আই এম ডি টি আইন বাতিল কৰিছিল।

সেই ৰায়দানৰ ৬ নং পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে যে, অসমৰ তিনিখন জিলা ক্ৰমে, ধুবুৰী, কৰিমগঞ্জ আৰু হাইলাকান্দিত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি পাইছে। জিলা কেইখনত ৫৪ শতাংশ জনসংখ্যা বৃদ্ধি কেৱল অবৈধ অনুপ্ৰৱেশৰ দ্বাৰাই যে সম্ভৱ সেই কথাও ৰায়দানত উল্লেখ আছে।

কিন্তু, এন আৰ চিত সেই জিলা কেইখনৰ গড়ে ৭ শতাংশ লোকৰ নামহে অন্তৰ্ভুক্ত নহ'ল। এয়াও এক গুৰুত্বপূৰ্ণ বিষয়ৰূপে বিবেচিত হৈছে। সেয়েহে আজি এই চূড়ান্ত শুনানিত ন্যায়ালয়ে এনেবোৰ বিষয়ৰ প্ৰতি কি গুৰুত্ব প্ৰদান কৰে সেয়াও লক্ষণীয় হ'ব।

এন আৰ চি প্ৰকাশৰ পাছত সৃষ্টি হোৱা পৰিবেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত ন্যায়ালয়েই এতিয়া ৰাজ্যবাসীৰ ভৱিষ্যতৰ শেষ ভৰসা হৈ পৰিছে।

সদ্য প্ৰকাশিত এন আৰ চিৰ খচৰাত থকা বিসংগতিৰ বাবে ই জাতীয় দলিল হোৱাৰ সলনি অবৈধ নাগৰিকক নাগৰিকত্ব প্ৰদানেৰে জাতিৰ বাবে গলৰ ফাচী হৈ পৰিব বুলি চৰ্চিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in