ৰেচন কাৰ্ডসহ ৫নথি অবৈধ, এনআৰচি সন্দৰ্ভত পূৰ্বৰ নিৰ্দেশকে বাহাল উচ্চতম ন্যায়ালয়ৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত ১৫ খন নথিৰ পৰিৱৰ্তে ব্যৱহাৰ হব ১০ খন নথি। এন আৰ চিত পুনৰ নামভৰ্তিৰ 'দাবী আবেদন'ৰ পৰা ৫খন নথি প্ৰত্যাহাৰৰ বাবে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জনোৱা আবেদন বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে।

বুধবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, প্ৰতীক হাজেলাৰ শপতনামাৰ বিৰোধিতা কৰি অসম পাব্লিক ৱৰ্কছকে আদি কৰি কেইবাটাও সংগঠনে ন্যায়ালয়ত আবেদন জনাইছিল।

উক্ত আবেদনৰ ভিত্তিতে সমগ্র বিষয়টো সাঙুৰি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ খণ্ড বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশকে বাহাল ৰাখে। এই অনুযায়ী ৰেচন কাৰ্ড, ১৯৫১ চনৰ এন আৰ চিৰ নথি, ১৯৭১ চনৰ ২৪ মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আদি গ্রহণযোগ্য নহ'ব।

আনহাতে, আজিৰ শুনানিত ওজৰ আপত্তিৰ সময়সীমা ৩০ দিনৰ পৰা ৬০ দিনলৈ বৃদ্ধিৰ পোষকতা কৰে উচ্চতম ন্যায়ালয়ে। ইয়াৰ সমান্তৰালকৈ ২৫ ছেপ্টেম্বৰৰ পৰা ওজৰ আপত্তি গ্ৰহণ কৰাৰো দিন ধার্য কৰা হয়।

ইফালে কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত হাজেলাক ১৫ দিনৰ ভিতৰত শপতনাম দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। অহা ২৩ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in