দেশৰ অন্য প্ৰান্তত এতিয়াই নহয় এন আৰ চি…

দেশৰ অন্য প্ৰান্তত এতিয়াই নহয় এন আৰ চি…

ডিজিটেল ডেস্কঃ দেশৰ অন্য স্থানত সদ্যহতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতকৰণ বা প্ৰস্তুত কৰণ নহয়। সদনত এই কথা মঙলবাৰে সদৰি কৰিলে মন্ত্ৰী হংসৰাজ অভিৰে। এটা লিখিত প্ৰশ্নৰ উত্তৰত লোকসভাত এই কথা জনাই মন্ত্ৰীগৰাকীয়ে। ইফালে, এন আৰ চিৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত ইতিমধ্যে ১৪.৮ লাখ লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম ভৰ্তিৰ বাবে আৱেদন জনাইছে। এন আৰ চি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সৰ্বোচ্চ ন্যায়ালয়ত জনাইছেত এই কথা।

লক্ষণীয় যে, এন আৰ চিৰ পৰা নাম বাদ পৰা লোকসকলৰ ওজৰ-আপত্তি দাখিলৰ বাবে ১২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে অন্তিম সময়সীমা ১৫ ডিচম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। নতুনকৈ নামভৰ্তিৰ বাবে আবেদন কৰা লোকসকলৰ নথিপত্ৰ পৰীক্ষাৰ কাম ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগিব এন আৰ চি কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেই এন আৰ চিৰ ওজৰ-আপত্তি দাখিল কৰা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে সময়সীমা এমাহ বৃদ্ধি কৰা হ'ব বুলি সদৰি কৰিছিল। কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী গৰাকীয়ে দিয়া উত্তৰত এই কথা স্পষ্ট হয় যে, অসমৰ দৰে দেশৰ অন্য প্ৰান্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ চিন্তা-চৰ্চা কেন্দ্ৰীয় চৰকাৰে সদ্যহতে কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in