শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

প্ৰথম খচৰাত নাম থকা হৰেন্দ্ৰ নাথ দাসৰ পৰিয়াললৈ অদ্ভূত জাননী

1,480

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কৰ্তৃপক্ষৰ কৰ্ম-কাণ্ডক লৈ এতিয়া ব্যাপক সমালোচনা আৰু বিতৰ্কৰ জোৱাৰ উঠিছে। বহু বিদেশীক স্বদেশী সজোৱা এই এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত থলুৱা অসমীয়াকে সজাইছে বিদেশী নাগৰিক।

শেহতীয়াকৈ মহানগৰীৰ লালমাটি বৰসজাইত এজন অসমীয়াক এন আৰ চি কৰ্তৃপক্ষই বিদেশী নাগৰিক সজাই তেওঁৰ লগতে তেওঁৰ পৰিয়াললৈ জাননী জাৰি কৰা কাৰ্যই এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ পুনৰ সন্দেহৰ সৃষ্টি কৰিলে।

এন আৰ চি প্ৰকাশিত প্ৰথমখন খচৰাত হৰেন্দ্ৰ নাথ দাস আৰু তেওঁৰ পৰিয়ালৰ দুই সদস্য ক্ৰমে- ডলী দাস আৰু পল্লৱী দাসৰ নাম আছিল। কিন্তু চূড়ান্ত এন আৰ চি খচৰাত তেওঁলোকৰ নাম নথকৰা বিপৰীতে ৬ আগষ্ট, ২০১৮ত তেওঁলোকলৈ এন আৰ চি কৰ্তৃপক্ষৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে। য’ত তেওঁলোকক এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নথকাৰ কাৰণ হিচাপে ‘ঘোষিত বিদেশী’ বুলি উল্লেখ কৰা আছে।

মন কৰিবলগীয়া যে, এই পৰিয়ালটো যে খিলঞ্জীয়া অসমীয়া পৰিয়াল, তাত কোনো সন্দেহ নাই। হৰেন্দ্ৰ নাথ দাস নামৰ ব্যক্তিগৰাকীৰ ভাগিনীয়েক অবণী পাঠক। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। সেইটো পৰিয়ালৰ এজন আত্মীয়ক কেনেদৰে ‘ঘোষিত বিদেশী’ সাজিলে এন আৰ চি কৰ্তৃপক্ষই সেয়াহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

প্ৰথম তালিকাত নাম থকাৰ পাছতো কেনেকৈ এন আৰ চি কৰ্তৃপক্ষই তেওঁক ‘ঘোষিত বিদেশী’ আখ্যা দিলে তাক লৈও উত্থাপিত হৈছে ৰহস্য। কিয়নো কোনো লোকক বিদেশী বুলি ঘোষিত কৰিব পাৰে বিদেশী ন্যায়াধীকৰণে। তাৰ বিপৰীতে এই অসমীয়া পৰিয়ালকটোক প্ৰথম খচৰাত নাম থকাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই কিহৰ ভিত্তিত বিদেশী সাজি এনেকৈ হাৰাশাস্তি কৰিছে সেয়া অবুজ সাঁথৰ হৈ পৰিছে।

এন আৰ চি কৰ্তৃপক্ষৰ এনে কৰ্ম-কাণ্ডই এই প্ৰক্ৰিয়াতো যে নিখূতভাৱে সম্পন্ন হোৱা নাছিল তাকে প্ৰমাণ কৰিলে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত সম্পন্ন হোৱা এন আৰ চি উন্নীতকৰণক লৈ এন আৰ চি কৰ্তৃপক্ষই আচলতে ল’ৰা-ধেমালিহে কৰিলে বুলি চৰ্চা হৈছে। প্ৰশ্ন হয়- এই অসমীয়া পৰিয়ালটোক ‘ঘোষিত বিদেশী’ আখ্যা দিয়াৰ অধিকাৰ এন আৰ চিক দিলে কোনে?

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি