এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?

এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?

ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ মুখ বন্ধ কৰা নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পুনৰ নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে মমতাই। পশ্চিমবংগ মমতাই বিস্ফোৰণ ঘটাই নতুন অভিযোগ কৰে যে, এন আৰ চিত নাম নথকা লোকসকল অসম চৰকাৰে গোচৰ ৰুজু কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে।

প্ৰায় ১২০০লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা বুলি বিস্ফোৰক অভিযোগ কৰে মমতাই। এইসকলৰ ভিতৰত শিশু-মহিলাও আছে বুলি দাবী কৰে এন আৰ চিক লৈ অযথা বিতৰ্কত লিপ্ত হোৱা মমতা বেনাৰ্জীয়ে। উল্লেখযোগ্য যে, এন আৰ চিত নাম নথকা কোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰিব আৰু তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা নহয়  বুলি চৰকাৰ তথা ন্যায়ালয়ে স্থিতি স্পষ্ট কৰাৰ পাছতো মমতা বেনাৰ্জীৰ মিছা অভিযোগে পুনৰ বিষয়টোক আন এক বিতৰ্কৰ মাজলৈ ঠেলি দিলে।

অসমৰ এন আৰ চি প্ৰকাশৰ পাছত হঠাৎ অবৈধ বাংলাদেশীৰ পক্ষ লৈ অবৈধ নাগৰিকৰ ত্ৰাণকৰ্তাৰূপত অৱতীৰ্ণ হোৱা মমতা বেনাৰ্জীৰ এনে সস্তীয়া ৰাজনীতিক লৈ ইতিমধ্যে যথেষ্ট সমালোচনা হৈছে। ২০০৫ চনত অবৈধ নাগৰিকৰ বিৰুদ্ধে সদনত মন্তব্য দিব নিদিয়াৰ বাবে অধ্যক্ষৰ আসনলৈ কাগজ দলিয়াই সদন ত্যাগ কৰা একেগৰাকী মমতাই ১৩ বছৰ পাছত কেৱল ক্ষমতা লাভৰ স্বাৰ্থত অসমৰ অবৈধ বাংলাদেশী নাগৰিকৰ দৰে বিষয় এটাক লৈ বাৰে বাৰে মিছা আস্ফালন কৰা কাৰ্যই ৰাজ্যখন দল-সংগঠনকো ক্ষুণ্ণ কৰি তুলিছে।

বহুতে লগতে অভিযোগ কৰে যে- এন আৰ চিৰ প্ৰথম খচৰাত যিসকল লোকৰ নাম নাই তেনে লোকৰ বিৰুদ্ধে ভুৱা গোচৰ তৰা হৈছে। কলকাতাত এক সংবাদমেলত আয়োজন কৰি মমতাই প্ৰশ্ন কৰে- কিয় উদ্দেশ্যে ডিটেনশ্যন কেম্পসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে? এখোপ ওপৰলৈ গৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এন আৰ চিৰ হিন্দু-মুছলমানৰ ভিত্তিত নহয়, ভাষাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে বুলি যুক্তিহীন অভিযোগ উত্থাপন কৰিছে।

ন্যায়ালয়ৰ পৰ্যবেক্ষণত এন আৰ চি প্ৰস্তুতকৰণৰ কাম চলি থকাৰ পাছতো বাৰে বাৰে এন আৰ চিক লৈ মমতাৰ এনে মিথ্যাচাৰ আৰু অভিযোগে অতিষ্ট কৰিছে ৰাজ্যবাসীক। কেৱল ভোটবেংকৰ খাতিৰত মমতাই কৰা এনে আচৰণ হৈ পৰিছে এতিয়া ন্যায়ালয়ৰ অৱমাননা সদৃশ। মমতাৰ এই মইমতালিৰ বিৰুদ্ধে পদক্ষেপ ল'বনে ন্যায়ালয়ে?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in