হাৰিয়ানাতো হ’ব অসমৰ দৰে এন আৰ চিঃ মুখ্যমন্ত্ৰী খট্টাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত বাদ পৰিল ১৯ লাখৰো অধিক লোকৰ নাম। এইসন্দৰ্ভত বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু এইবোৰৰ মাজতে হাৰিয়ানাৰমুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰেও এন আৰ চি সন্দৰ্ভত কৰিলে মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়েকয় যে- অসমৰ এন আৰ চি প্ৰক্ৰিয়া হাৰিয়ানাটো কাৰ্যকৰী কৰা হ'ব।

মুখ্যমন্ত্ৰী খট্টাৰে জনাইছে যে, এই সন্দৰ্ভততেওঁ ৰাজ্যখনৰ মানৱাধিকাৰ আয়োগৰ প্ৰাক্তন শ্বেয়াৰমেন আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছএইচ ভল্লা তথা নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল সুনীল লাম্বাৰ সৈতে আলোচনা কৰিছে।এতিয়া হাৰিয়ানাতো অসমৰ দৰে এন আৰ চি প্ৰস্তুত কৰা হ'ব।

পিছে ৰাজ্যখনত এন আৰ চি সন্দৰ্ভত কংগ্ৰেছৰ সুৰএকে নহয়। হাৰিয়ানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কুমাৰী শ্বেলজাই কয় যে- সন্মুখতনিৰ্বাচন। এই সময়ত তেওঁ এই মন্তব্য কৰিছে। ইফালে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীতথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এই বিষয়ত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্ট্ৰাৰক সমৰ্থনজনাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয়- যি মুখ্যমন্ত্ৰীয়ে কৈছে সেয়া আইন হয়।অবৈধ বিদেশী বহিষ্কাৰ কৰা হ'ব লাগিব। এয়া চৰকাৰৰ দায়িত্ব অবৈধ বিদেশীক চিনাক্তকৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in