এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি

এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ আজি গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ'ব উচ্চতম ন্যায়ালয়ত। ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ শপতনামাৰ বিৰোধিতা কৰি কিছুদিন পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অসম পাব্লিক ৱৰ্কছ তথা আমছু, অসম সচেতন নাগৰিক মঞ্চ, জমিয়ত উলেমাকে আদি কৰি কেইবাটাও সংগঠনে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত ব্যৱহৃত ৫ বিধ নথিৰ বাতিলৰ বিৰোধিতা কৰি সংগঠনকেইটাই উক্ত আবেদন দাখিল কৰে। সংগঠনকেইটাৰ আবেদনৰ ভিত্তিতে আজি শুনানি অনুষ্ঠিত হ'ব।

এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ হোৱাৰ পাছতে ইতিমধ্যে প্ৰায় ৯০ শতাংশ কামেই সম্পূৰ্ণ হ'ল। তৎস্বত্তেও ৫ বিধ নথি কৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ে লোৱা এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম পাব্লিক ৱৰ্কছে।

চূড়ান্ত খচৰাত নাম বাদ পৰা ৪০ লাখ মানুহৰ বাবে যদি ১০ বিধ নথিৰে চূড়ান্ত এন আৰ চি প্ৰস্তুত কৰে তেনেহলে বহু প্ৰকৃত ভাৰতীয়ই এই ক্ষেত্ৰত বাদ পৰিব পাৰে বুলি শংকা প্ৰকাশ কৰিছে এপিডব্লিউৱে।

উল্লেখ্য যে, ৫ ছেপ্টেম্বৰত হোৱা শুনানিত ৰেচন কাৰ্ড, ১৯৭১ চনৰ ২৪ মাৰ্চলৈ ভোটাৰ তালিকা, ১৯৭১ চনৰ ২৪ মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ ইত্যাদি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত পুনৰ নামভৰ্তিৰ দাবীৰ আবেদনৰ পৰা কৰ্তন কৰিছিল উচ্চতম ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in