এন আৰ চিক লৈ শাসক-বিৰোধীৰ বাকযুদ্ধ অব্যাহত, উত্তাল দুই সদন

এন আৰ চিক লৈ শাসক-বিৰোধীৰ বাকযুদ্ধ অব্যাহত, উত্তাল দুই সদন

ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ বুধবাৰে দুই সদন উত্তপ্ত হৈ পৰে। তাৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানিক সাক্ষা… কৰে মমতা বেনাৰ্জীয়ে। পুৱাই লোকসভাত এন আৰ চি বিষয়টো আলোচনাৰ বাবে দাবী জনায় কংগ্ৰেছৰ সাংসদ অধীৰঞ্জন চৌধুৰীয়ে শূন্যকালীন ঘণ্টাৰ জাননী প্ৰেৰণ কৰে। তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ সাংসদসকলে সংসদ ভৱনত থকা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত ৰৈ অসমৰ এন আৰ চিৰ খচৰাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে।

পুৱা ১১ বজাৰ পৰা দুয়োখন সদনৰ কাম আৰম্ভ হোৱাৰ পিছতে বিৰোধী পক্ষই পুনৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যসভাত মঙলবাৰে অমিত শ্বাহে কৰা মন্তব্যৰ বিৰোধিতাৰে কংগ্ৰেছৰ সাংসদ আনন্দ শৰ্মাই পইণ্ট অব অৰ্ডাৰযোগে শ্বাহৰ সেই মন্তব্যক সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা বাদ দিবলৈ দাবী জনায়। এনে পৰিস্থিতিত ৰাজ্যসভাৰ কাম-কাজ সূচাৰুৰূপে চলাই নিবলৈ সকলোকে সংযত হোৱাৰ আহ্বান জনায় সভাপতি ভেংকয়া নাইডুৱে। বিৰোধীয়ে সভাপতিৰ আহ্বানলৈ কাণসাৰ নিদিয়াত ৰাজ্যসভাৰ কাম-কাজ দিনৰ ১২ বজালৈ স্থগিত ৰাখে।

ইফালে আজি লোকসভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী সময়ত ১২ বজাৰ লগে লগে ৰাজ্যসভাৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ পাছতে বিৰোধীয়ে উচ্চ সদনত গৃহমন্ত্ৰী ৰাজনাথ সিঙে এন আৰ চি সন্দৰ্ভত বক্তব্য প্ৰদান কৰিবলৈ দাবী জনায়। দুই সদনৰ এই  কাম-কাজৰ মাজতে সংসদ ভৱনত উপস্থিত হৈ পুনৰ মমতা বেনাৰ্জীয়ে এন আৰ চি সন্দৰ্ভত পূৰ্বৰ স্থিতিতে আঁকোৰগোজ হৈ এই খচৰা প্ৰস্তুতকৰণ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ৰাজ্যসভাত দ্বিতীয়বাৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সৃষ্টি হোৱা হুলস্থলীয়া পৰিৱেশৰ মাজতে পুনৰ ২ বজালৈ সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। লোকসভাতো বিৰোধীয়ে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি কৰাত ২ বজা পৰ্যন্ত সদনৰ কাম-কাজ বন্ধ হৈ পৰে।

অসমৰ এন আৰ চি খচৰাক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগি থকাৰ সময়তো অসমৰ ২১ জন সাংসদৰ ভিতৰত ২০ জনেই নিমাতে থকা পৰিলক্ষিত হৈছে। কেৱল বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাত বলিষ্ঠভাৱে এন আৰ চিৰ সপক্ষে মাত মতাৰ বিপৰীতে বাকী সাংসদসকলে এই পৰ্যন্ত বাস্তৱ ছবিখন দাঙি ধৰিবলৈ চেষ্টা কৰা নাই। ইফালে তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা দল কাইলৈ অসম ভ্ৰমণলৈ আহিব। অৱশ্যে দলটোৱে কোন কোন অঞ্চল ভ্ৰমণ কৰিব সেয়া স্পষ্ট নহয়। অসমীয়াৰ ৰক্ষা কবচক লৈ চলা এই ভয়ংকৰ ষড়যন্ত্ৰই সংযম হৈ থকা ৰাজ্যবাসীৰ মনত সংশয়ৰ সৃষ্টি কৰিছে।

ইয়াৰ মাজতে মেঘালয়ত এন আৰ চিৰ নামত খাচী ছাত্ৰ সন্থাই একাংশ বাছযাত্ৰীক ধৰি হাৰাশাস্তি কৰাৰ খবৰ পোৱা গৈছে। লিগেচী ডাটা বিচাৰি এন আৰ চিৰ নথি পৰীক্ষা কৰাত নামি পৰা ছাত্ৰ সংগঠনটোৰ সদস্যসকলে গুৱাহাটী-বৰাক সংযোগী উমকিয়ামত প্ৰতিখন বাহনতে তালাচী চলাইছে। ইয়াৰ ফলত আতংকিত হৈ পৰিছে বহু যাত্ৰী। বৰাকৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ আহিবলৈ এতিয়া যাত্ৰীসকলে ভয় কৰাত এই পথটোৰে বাছসেৱা বন্ধ কৰি দিবলগীয়া হৈছে। অথচ মেঘালয় প্ৰশাসনে এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in