বৰটংলাত এনআৰচিৰ পৰা বঞ্চিত লোকৰ তীব্ৰ প্ৰতিবাদ…

বৰটংলাত এনআৰচিৰ পৰা বঞ্চিত লোকৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, টংলা: ভাৰতীয় নাগৰিকত্বক সমৰ্থনযোগ্য প্ৰয়োজনীয় সকলো নথিপত্ৰ থকাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা কেইবাশ পুৰুষ-মহিলাই দেওবাৰে ওদালগুৰি জিলাৰ বৰটংলাত এনআৰচি বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ বৰটংলা-ৰূপাখাট অঞ্চলৰ ৮টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা প্ৰায় ১৫ হাজাৰ ভোটাৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নাগৰিকত্ব প্ৰমাণিত কৰা নথিপত্ৰসহ আবেদন কৰে যদিও অঞ্চলটোৰ কেৱল সাতশ মান লোকৰ নামহে এন আৰ চিৰ চূড়ান্ত তালিকাত প্ৰকাশ পোৱাত বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজৰ হতভম্ব হৈ পৰে ৷

দেওবাৰে কেইবাশ শ্ৰমজীৱী পুৰুষ-মহিলাই বিবেকানন্দ হাইস্কুল প্ৰাংগণত এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এন আৰ চি প্ৰস্তুতকৰণত তৃতীয় শক্তিৰ হাত থকাৰ উপৰি ধৰ্মীয় মেৰুকৰণৰে হিন্দু বাঙালীসকলক এন আৰ চিৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে ৷ প্ৰতিবাদী সভাত সমজুৱাৰ হৈ হাৰাধন দাস, নিতাই দে, বিবেক ৰয়, ৰঞ্জিত ৰয় আৰু ইন্দ্ৰজিৎ গোস্বামীয়ে উদাত্ত কন্ঠে প্ৰকাশিত এন আৰ চি খনত বহু আসোঁৱাহ ৰৈ যোৱাৰ লগতে এই এন আৰ চিৰ জৰিয়তে স্বাৰ্থজৰিত তৃতীয় শক্তিয়ে ধৰ্মীয় মেৰুকৰণৰে এটা বিশেষ ধৰ্মৰ মানুহৰ প্ৰতি বিশেষ অনুকম্পা প্ৰদৰ্শন কৰি বিদেশীক স্বদেশী কৰাৰ সুযোগ দিয়াৰ বিপৰীতে প্ৰকৃত ভাৰতীয় নাগৰিক হিন্দু বাঙালীসকলক বিদেশী সজাই সমাজখনক অস্থিৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে ৷

১৯৫২ চনৰ বৈধ নাগৰিকত্বৰ প্ৰমানপত্ৰ প্ৰদৰ্শন কৰাকে ধৰি নাম অন্তৰ্ভুক্তিৰ পৰা বঞ্চিত হোৱা প্ৰকৃত ভাৰতীয় নাগৰিক হিন্দু বাঙালীসকলক কোনো ধৰণৰ হাৰাশাস্তি নকৰাকৈ এন আৰ চিত নাম অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত প্ৰকাশিত এন আৰ চিক আমি মানি নল'ও বুলি হুংকাৰ দিয়ে ৷ নাম অন্তৰ্ভুক্ত নোহোৱা শংকিত সমবেত ৰাইজে হাতে হাতে বৈধ নথিপত্ৰ লৈ প্ৰতীক হাজেলা মুৰ্দাবাদ, এনআৰচিৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি নচলিব, অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলাৰ মইমতালি নচলিব, হিন্দু বাঙালীক বিদেশী সজোৱা ষড়যন্ত্ৰ বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে বৰটংলাৰ ৰাজপথ উত্তাল কৰাৰ উপৰি এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে ৷

প্ৰকৃত ভাৰতীয় নাগৰিকত্বৰ প্ৰমানপত্ৰ থকাৰ পিছতো কাৰ ষড়যন্ত্ৰত হিন্দু বাঙালীসকলক বিদেশী সজোৱাৰ পৰিকল্পনা চলোৱা হৈছে ৷ ইয়াৰ উপযুক্ত তদন্ত কৰাৰ উপৰি কোনো হাৰাশাস্তি নোহোৱাকৈ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমজীৱী বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজৰ নাম এন আৰ চিত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ হস্তক্ষেপ অঞ্চলবাসী ৰাইজে দাবী কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in