এন আৰ চি প্ৰসংগত বাংলাদেশৰে যোগাযোগ ৰাখিছে ভাৰতে

এন আৰ চি প্ৰসংগত বাংলাদেশৰে যোগাযোগ ৰাখিছে ভাৰতে

ডিজিটেল ডেস্কঃ অসমত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগক লৈ বাংলাদেশৰ সৈতে ভাৰত চৰকাৰে সম্পৰ্ক ৰক্ষা কৰি চলিছে।এই কথা সদৰি কৰিলে দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ে।

নতুন দিল্লীত আয়োজিত এক সংবাদমেলত বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে- ভাৰতে এন আৰ চি বিষয়ক লৈ বাংলাদেশৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে। বাংলাদেশক এই কথা জনাইছে যে, এইখন এতিয়াও খচৰাহে।

এই খচৰা প্ৰকাশে দুই দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কত কোনো প্ৰভাৱ নেপেলাই আৰু বাংলাদেশেও ভাৰতৰ এই আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in