NRC-য়ে মাতি অনা ন মাইলৰ দুৰ্ঘটনাটো…

NRC-য়ে মাতি অনা ন মাইলৰ দুৰ্ঘটনাটো…

মৃদুল কুমাৰ সন্দিকৈ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত। এই তালিকা প্ৰকাশৰ পূৰ্বে নাগৰিকত্বৰ পুনৰ নিৰীক্ষণৰ বাবে ২৪ ঘন্টা সময় দি শুনানিৰ বাবে ৩০ সহস্ৰাধিক লোকক মতাক কেন্দ্ৰ কৰি হাহাকাৰৰ সৃষ্টি হৈছে। জাননী লাভ কৰা কামৰূপ (গ্ৰাম্য) জিলাৰ বকো, ছয়গাঁও, নগৰবেৰা, গৰৈমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লোকসকলক উজনি অসমৰ বিভিন্ন স্থানত শুনানিৰ বাবে মতা হৈছিল।

শুনানিৰ বাবে মতা এখন জাননী

নগৰবেৰা, টোপামাৰী, সোণতলী, কালাতলী, জামলাই-কল্যাণপুৰ, মালিবাৰী, জাওকাটা, বগৰীগুৰি, ডেকাচাং আদি গাঁৱৰ সংখ্যালঘু লোকসকলক কেইবাশ কিলোমিটাৰ দূৰৈৰ গোলাঘাট, নগাঁও, যোৰহাট, দৰং, চৰাইদেউ, শিৱসাগৰ আদি অঞ্চলত অনুষ্ঠিত হোৱা শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল।

এই নিৰ্দেশ অনুসৰি বহু লোকে দেওবাৰে নিশাই গাড়ী ভাড়া কৰি শুনানিৰ স্থানলৈ ৰাওনা হৈছিল। বান বিধ্বস্ত সোণতলী অঞ্চলৰ পৰাও কেইবাখনো গাড়ীৰে জাননী লাভ কৰাৰ পাছত বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰি এই প্ৰক্ৰিয়াত চামিল হ'বলৈ যথেষ্ট সংখ্যক লোক গন্তব্যস্থানলৈ ওলাই গৈছিল দেওবাৰৰ নিশা।

সোণতলী বজাৰৰ পৰা গোলাঘাটলৈ ৰাওনা হোৱা অভিশপ্ত বাছখন!

দেওবাৰৰ নিশা প্ৰায় ৯ বজাত এএছ০১ এফচি ৩২৪২ নম্বৰৰ বাছখনেৰে ৫২ জন লোক সোণতলী বজাৰৰ পৰা গোলাঘাট অভিমুখে ওলাই আহিছিল। চেলেগুটি গাঁৱৰ এই লোককেইজনক এন আৰ চিৰ নথি পত্ৰ পুনৰ নিৰীক্ষণৰ বাবে মাতি পঠিওৱা হৈছিল গোলাঘাটলৈ।

এন আৰ চি কৰ্তৃপক্ষই অতি কম সময় দি শুনানি কেন্দ্ৰত এই লোক সকলক হাজিৰ হ'বলৈ দিয়াৰ বিৰুদ্ধে দেওবাৰে অৰ্থাৎ ৪ আগষ্ট, ২০১৯ত ছয়গাঁৱৰ হাতীপাৰাত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হৈছিল। এই প্ৰতিবাদী সভাত এন আৰ চিৰ নথি পত্ৰ পুনৰ নিৰীক্ষণৰ নামত হঠাৎ মাতি পঠোৱা আৰু উজনি অসমৰ বিভিন্ন স্থানত সেই পুনৰ নিৰীক্ষণ অনুষ্ঠিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

দেওবাৰে পুৱাৰ ভাগত বকোৰ ডেকাচাঙত ইয়াৰ বিৰুদ্ধে এটা প্ৰতিবাদী সমদলো বাহিৰ কৰা হৈছিল। কিন্তু এই দৰিদ্ৰ লোকসকলক সেই শুনানি কেন্দ্ৰত উপস্থিত থাকিবলৈ প্ৰশাসনে বুজনি দিয়াত লোকসকলে দহো বন কাটি কৰি, টকা-পইচাৰ ব্যৱস্থা কৰি হাতত নথি পত্ৰ লৈ ওলাই গৈছিল।

ন মাইল অঞ্চলত সংঘটিত দুৰ্ঘটনাৰ ৰাতিৰ দৃশ্য!

সোণতলীৰ পৰা ৫২ জন যাত্ৰী লৈ অহা 'ৰাজা' নামৰ গাড়ীখন প্ৰায় ১২ বজাত উপস্থিত হৈছিলহি ন মাইলত। গণেশ মন্দিৰ পোৱাৰ পূৰ্বে এটা টাৰ্ণিঙত এক পথ দুৰ্ঘটনাত পতিত হয় এই যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাত এখন বাইকত থকা ২ যাত্ৰী ক্ৰমে এলবাৰ্ট নংৰুং আৰু বনী নাৰলেঙৰ থিতাতে মৃত্যু হয়। এই দুই বাইক যাত্ৰী আছিল এএছ-১ বিকে ৬৬৬৫ নম্বৰৰ বাইকখনত।

বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰে বাছখনত খুন্দা মৰাৰ ফলত ডাম্পাৰখনত থকা বিটুমিন মিশ্ৰিত শিল বাগৰি পৰে গাড়ীখনৰ ওপৰত। এএছ১৪ চি ০৫৯৮ নম্বৰৰ ডাম্পাৰখনত থকা গৰম আলকতৰা মিশ্ৰিত শিল বাগৰি পৰাৰ ফলত কি পৰিৱেশ হ'ব পাৰে, সেয়া সহজেই অনুমান কৰিব পাৰি।

দেওবাৰে নিশা দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পুৱাৰ ভাগৰ ফটো…

গৰম শিল গাড়ীখনৰ ওপৰত বাগৰি পৰাৰ ফলত চালকৰ ফালে থকা খিৰিকিৰ আইনা ভাঙি গাড়ীৰ ভিতৰত সেই শিল সোমাই পৰে। তাৰ পাছত কি পৰিৱেশ হ'ব পাৰে, সেয়া অকল্পনীয়।

দুৰ্ঘটনাৰ পাছত গাড়ীখনৰ ভিতৰভাগৰ দৃশ্য!

এই দুৰ্ঘটনাত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰখনৰ সন্মুখৰ ভাগটো চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল। ইফালে, বাছখনৰে এন আৰ চিৰ শুনানিৰ বাবে গৈ থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ দৃশ্য

দুৰ্ঘটনাস্থলীৰ সমীপতে বিপৰীত দিশত আছে এখন হোটেল। হোটেলখনৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, নিশা প্ৰচণ্ড শব্দ হোৱাত তেওঁলোকে সেই দৃশ্য দেখি উদ্ধাৰ কৰিবলৈ ওলাই গৈছিল। গৰম শিল গাত পৰি যোৱাত মানুহবোৰে যন্ত্ৰণাত চটফটাই আছিল। লগতে তেওঁ জানিবলৈ দিলে, সেই স্থানত পথ মেৰামতিৰ বাবে ডাম্পাৰখনে বিপৰীত দিশৰ পৰা শিল লৈ আহিছিল।

কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হৈছিল তেওঁ দেখা পোৱা নাছিল যদিও এখন বাইকৰ ওপৰতো শিল পৰাৰ কথা তেওঁ কৈছিল। পুৱাৰ ভাগত সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাস্থলীত দেখা পোৱা গৈছিল তেতিয়াও ৰাস্তাৰ ওপৰত পৰি আছিল কাৰোবাৰ চেণ্ডেল, কাৰোবাৰ জোতা আৰু কাৰোবাৰ বেগ তথা আলকাতৰা লগা কাপোৰ।

দুৰ্ঘটনাস্থলীত এনেদৰে পৰি ৰৈছিল বেগ, চেণ্ডেল, কাপোৰ আৰু জোতা…

সেই স্থানত ডাম্পাৰখনত থকা শিলবোৰ পথৰ ওপৰতো পৰিছিল যদিও নিচেই পুৱাতে ঠাইডোখৰ চাফ চিকুণ কৰি শিলবোৰ পথৰ কাষলৈ আতৰাই পেলাই দিয়া হ'ল। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ পাছত গাড়ী দুখন আৰু বাইকখন আতৰাই নিয়াৰ লগতে সেই ঠাইডোখৰ পুৱাই আহি পৰিস্কাৰ কৰিছিলহি কেইজনমান লোকে।

পথৰ কাষলৈ পেলাই দিয়া শিলবোৰ…

আহত সকলক জিএমচিএইছলৈ প্ৰেৰণ কৰে ৰাতিয়েই। প্ৰত্যক্ষদৰ্শীসকলৰ মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ আধা ঘন্টা মানৰ পাছতহে ঘটনাস্থলীত উদ্ধাৰ কাৰ্যত নামিছিলহি আৰক্ষী। এই দুৰ্ঘটনাত আহত সকলৰ ১০ জনৰ অৱস্থা অতি সংকটজনক।

দুৰ্ঘটনাত আহত সকলক চিকিৎসালয়লৈ নিয়াৰ মুহূৰ্তত…

আহত সকলৰ ভিতৰত শিশুও আছিল। গুৱহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কেইজনমান আহত ব্যক্তিৰ অৱস্থা আছিল অবৰ্ণনীয়। এজন ৰোগীৰ হাতে ভৰিয়ে প্লাষ্টাৰ। তেওঁৰ পিঠিত সম্পূৰ্ণৰূপে আলকাতৰাৰ দাগ। এতিয়াও লাগি আছে শিলৰ সৰু সৰু টুকুৰা। প্ৰচণ্ড যন্ত্ৰণাত তেওঁ চটফটাই আছিল বিচনাত।

জিএমচিএইছত চিকিৎসাধীন এজন আহত…

আহত সকলৰ অৱস্থা ইমানেই দুখজনক আছিল যে গৰম আলকাতৰাই তেওঁলোকৰ মুখবোৰ পোৰাৰ লগতে গাত আলকাতৰা বৈ গৈছিল। বাছখনৰ পিছৰ অংশত বাগৰি পৰিছিল ডাম্পাৰখনৰ আলকাতৰাযুক্ত শিলবোৰ।

আহত শিশুসহ একাংশ ৰোগী…

বাছখনৰ ভিতৰৰ দৃশ্য প্ৰত্যক্ষ কৰিলেই সেই দুৰ্ঘটনা কিমান ভয়াবহ আছিল অনুমান কৰিব পাৰি। দুৰ্ঘটনাস্থলীৰ পৰা বাছ আৰু ডাম্পাৰখন যান বাহন নিয়্ন্ত্ৰণ শাখাৰ লোকে খানাপাৰা অভাৰব্ৰীজৰ তলত ৰখাই থয়হি। পুৱাই সেই স্থানত এই বাহন দুখন প্ৰত্যক্ষ কৰিবলৈ যথেষ্ট ভিৰ লগাৰ লগতে জিএমচিএইছতো বিভিন্ন দল-সংগঠন তথা জনপ্ৰতিনিধি সকলেও সোমবাৰে পুৱা ভিৰ কৰেগৈ।

দুৰ্ঘটনাৰ পাছত বাছখনৰ ভিতৰভাগৰ অৱস্থা আৰু বাগৰি পৰা ডাম্পাৰখন

এই দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হোৱা সকল ক্ৰমে- আব্দুল কালাম আজাদ (৬০), আহমেদ আলী ভূঞা (৪৫), আমিলা খাতুন (৩৫), আফিজা বেগম (৩৫), আশ্ৰাফুল ভূঞা (১৫), আয়াৰুল ভূঞা (৩২), এলিজা খাতুন (২০), ফজনুৰ আলী ভূঞা (৪০), ফাৰুক আব্দুল্লা (৩), ফাতিমা বেগম (৩৩), জাহাংগীৰ আলম (৪০), কাদৰ আলী ভূঞা (৪২), কুলচুম বেগম (৫), লখিৰা ভূঞা (৩৪), মেহেৰুনা মেছা (২৫), মবিৰা খাতুন (৫০), নলবানু নেছা (৩৫), নিলীমা খাতুন (১৭), ৰব্বুল হক ভূঞা (৪০), ৰবিউল হুছেইন (৬০), ছবিয়া খাতুন (৪০), শচীন শৰ্মা (২৭), চাহিৰা খাতুন (৫০), চন্দুৰা বেগম (৮)।

বাছৰ ভিতৰত এতিয়াও পৰি আছে কাৰোবাৰ জোতা, গামোছা…

বাছখনৰ ভিতৰত পৰি ৰ'ল কাৰোবাৰ গামোছা, শিশুৰ জোতা, বিচনী, পানীৰ বটল ইত্যাদি। গোলাঘাটলৈ ৰাওনা হোৱা এইসকল যাত্ৰীৰ ২৪ জনেই এতিয়া চিকিৎসালয়ত। কেইবাখনো গাড়ীৰে উক্ত অঞ্চলটোৰ পৰা এন আৰ চিৰ নথিৰ পুনৰ নিৰীক্ষণৰ বাবে গোলাঘাট তথা উজনিলৈ যাত্ৰা আৰম্ভ কৰা আনসকল গৈ উপস্থিত হ'লগৈ পুৱা গোলাঘাটত।

তেওঁলোকক স্থানীয় একাংশ লোকে এই প্ৰক্ৰিয়াত সহায় সহযোগ কৰি দিছে। গোলাঘাটলৈ যোৱা সকলক পুৱাই সহায়ৰ হাত আগবঢ়াইছে স্থানীয় সমাজকৰ্মী সোণেশ্বৰ নৰহে।

গোলাঘাটত উপস্থিত হোৱা একাংশক দিহা-পৰামৰ্শৰে সহযোগ কৰিছে সোণেশ্বৰ নৰহে।

চিকিৎসালয়ত দুৰ্ঘটনাগ্ৰস্থসকলৰ খবৰ ল'বলৈ যোৱা জন প্ৰতিনিধি তথা দল-সংগঠনৰ নেতৃত্বই এন আৰ চিৰ নামত এই লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগত তুলিছে। এই দুৰ্ঘটনাৰ পাছত তেনে অভিযোগেৰে চৰকাৰ তথা এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন দল-সংগঠন।

এন আৰ চিৰ তথ্য পুনৰ নিৰীক্ষণ কৰাত কাৰো আপত্তি থাকিব নোৱাৰে। কিন্তু এই প্ৰক্ৰিয়া কিমান যুক্তিসংগত আৰু এই লোকসকলক অতি কম সময়ৰ জাননীৰে শ শ কিলোমিটাৰ দূৰৈৰ পুনৰ নিৰীক্ষণ কেন্দ্ৰলৈ মাতি পঠিওৱা কাৰ্যক কেতিয়াও মানৱীয় দৃষ্টিকোণেৰে সমৰ্থন কৰিব নোৱাৰি।

শুদ্ধ এন আৰ চি এখনৰ প্ৰয়োজন আছে। ইয়াৰ বাবে বিভিন্ন জনে উত্থাপন কৰা অভিযোগ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলোবোৰ দিশ পৰীক্ষা কৰাটো প্ৰয়োজন। কিন্তু বানে গৰকা আৰু বিশেষ ধৰ্মাৱলম্বীৰ লোক হোৱাৰ বাবে তেওঁলোকৰ প্ৰতি কৰা এনে আচৰণত আন কিবা উদ্দেশ্য আছে নেকি, তাক লৈও প্ৰশ্ন উঠিছে এতিয়া।

দুৰ্ঘটনাস্থলীত আহত একাংশ…

এই দুৰ্ঘটনাৰ পাছতে এক পক্ষই সুযোগ গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে অপপ্ৰচাৰতো লিপ্ত হৈছে। প্ৰথম অৱস্থাত ১২ জনকৈ লোক নিহত হোৱা বুলি প্ৰচাৰ চলোৱা হৈছিল। কিন্তু পিছত গম পোৱা গ'ল সেয়া আছিল মিছা।

এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰস্তুত কৰা খচৰাত নাম থকা এই লোকসকলৰ তথ্য বা লিগেচি ডাটা পুনৰ পৰীক্ষা কৰিবলৈ চৰকাৰে ওচৰতে কোনো পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিব পাৰিলেহেঁতেন। তাকে নকৰি উজনিত তেওঁলোকক পৰীক্ষণৰ বাবে মতা কাৰ্যক সহজভাৱে লোৱা নাই।

এই দুৰ্ঘটনাৰ পাছতে দুৰ্ঘটনাত পতিত হোৱা বাছখনত থকা ৫২ জন লোকৰ ক্ষেত্ৰত স্থানীয় জিলা প্ৰশাসনে উদ্যোগ লৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ সৈতে যোগাযোগ কৰাত তেওঁলোকৰ পুনৰ নিৰীক্ষণ গোলাঘাটৰ সলনি কামৰূপ (গ্ৰাম্য) জিলাৰ আমিনগাঁৱত কৰা হ'ব বুলি জানিব পৰা গৈছে।

অৱশ্যে এই পুনৰ নিৰীক্ষণৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। এন আৰ চিৰ নামত কোনো ভাৰতীয়ই হাৰাশাস্তি ভোগ কৰিব নালাগে। সেই কথা জাতি-ধৰ্ম নিৰ্বিশেষে প্ৰতিজন প্ৰগতিশীল চিন্তা চৰ্চাৰে পুষ্ট ব্যক্তিয়ে দাবী কৰি আহিছে। ন মাইলৰ এই দুৰ্ঘটনাৰ পাছত এন আৰ চিৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা বুলি এক পক্ষই তোলা অভিযোগ আৰু এই প্ৰক্ৰিয়াত সহযোগ কৰাসকলৰ বিৰুদ্ধে অতি কৌশলেৰে আন এচামে প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে।

ইফালে, ১৩খন গাড়ীৰে পুনৰ উক্ত অঞ্চলটোৰ পৰা আন কিছু লোক সোমবাৰেও নথিপত্ৰ নিৰীক্ষণৰ বাবে জাননীত উল্লেখ কৰা স্থানলৈ ৰাওনা হয়। এই ঘটনাৰ পাছতো জাননী নিৰীক্ষণ পৰ্ব চলি থাকিব বুলি ইতিমধ্যে সদৰী কৰা হৈছে।

সেই সকলো ৰাজনীতিৰ উৰ্ধ্বলৈ গৈ এই দুৰ্ঘটনাগ্ৰস্থ লোকসকলক সু চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। দৰিদ্ৰ লোকসকলে গোলাঘাটলৈ যাবলৈ গাঁঠিৰ ধন ভাঙি যাব লগা হৈছিল। সোণতলীৰ পৰা যোৱা এখন গাড়ীৰ ভাড়া ৩৮ হাজাৰলৈকে লোৱা বুলি অভিযোগ উঠিছে। তাকো এএছটিচি গাড়ীতেই লৈছিল এই ভাড়া।

শুদ্ধ এন আৰ চি অসমবাসীক লাগে। কিন্তু বিভেদ সৃষ্টি কৰি এন আৰ চিৰ নামত অস্বস্তিকৰ পৰিৱেশ কাকোৱে নালাগে। খানাপাৰাৰ এই দুৰ্ঘটনা দুৰ্ভাগ্যজনক। একেদৰে দুৰ্ভাগ্যজনক সেই লোকসকলৰ সৈতে কৰা এনে আচৰণ…!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in