এনআৰচিৰ পুনৰ আবেদনত নিৰ্ধাৰিত এছ অ’ পিত সালসলনি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আমছু

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ এন আৰ চিত পুনৰ আবেদনৰ কাৰণে নিৰ্ধাৰিত এছ অ' পিত সালসলনি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আমছু আৰু জমিয়ত উলেমা ই হিন্দ নামৰ সংগঠন দুটা৷ এছ অ' পিৰ এই দফাক প্ৰত্যাহ্বান জনাই এছ অ' পিয়ে বান্ধি দিয়া নিয়মৰ সালসলনি কৰিবলৈকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে দুই সংগঠন৷

উল্লেখ্য যে, এন আৰ চিত পুনৰ আবেদনৰ কাৰণে ২০১৫ চনৰ ৩১ আগষ্টৰ পিছৰ সংযোগী নথি আবেদনকাৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল এছ অ' পিয়ে৷ ইয়াৰ পিছতে তাৰিখ নাচাই মাথোঁ বৈধতাৰ ভিত্তিত সংযোগী নথি যাতে এন আৰ চিয়ে গ্ৰহণ কৰে তাৰ বাবে নির্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে সংগঠন দুটা।

দুই সংগঠনৰ আবেদনৰ পিছতে শুকুৰবাৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠত অনুষ্ঠিত হয় প্ৰথম শুনানি। প্ৰথম শুনানিকালত দুয়োটা সংগঠনৰ হৈ ন্যায়ালয়ত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল। আনহাতে অহা সপ্তাহত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে উচ্চতম ন্যায়ালয়ে।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in