ডিব্ৰুগড়ত এনপিপিৰ প্ৰাৰ্থীক আমি সমৰ্থন দিছোঃ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ

ডিব্ৰুগড়ত এনপিপিৰ প্ৰাৰ্থীক আমি সমৰ্থন দিছোঃ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈছে সকলো ৰাজনৈতিক দল।
  • দেওবাৰে নিশা হঠাৎ সংবাদমেল সম্বোধন এনপিপিৰ।
  • গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত সংবাদমেল সম্বোধন কৰে দলটোৱে।
  • এনপিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখেমে সম্বোধন কৰে এই সংবাদমেলখন।
  • ইফালে সংবাদমেলত উপস্থিত থাকে ৰাজ্যৰ ছাত্ৰ সংগঠনৰ নেতাও।
  • অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস উপস্থিত থাকে এই সংবাদমেলত।
  • সংবাদমেলত এনপিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখেমৰ ঘোষণা, 'শীঘ্ৰে আন সমষ্টিতো ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ নাম'।
  • 'অনুসূচিত জাতি যুৱ পৰিষদে এনপিপিক জনাইছে সমৰ্থন।'
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও মন্তব্য এনপিপিৰ।
  • এনপিপিৰ মন্তব্য, 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি থিয় হৈছিলো।'
  • 'বিজেপি, অগপ আৰু বিপিএফে ইয়াৰ সমৰ্থন কৰিছিল।'
  • ইফালে সংবাদমেলত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ মন্তব্য, 'এনপিপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা ল'লে সেয়ে আমি সমৰ্থন জনাইছোঁ।'
  • 'ডিব্ৰুগড়ত এনপিপিৰ প্ৰাৰ্থী ভৱেন বৰুৱাক সমৰ্থন কৰিছোঁ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in