নাগালেণ্ড পিপলছ্ ফ্ৰণ্ট মিত্ৰজোঁট চৰকাৰৰ প্ৰস্তাৱ খাৰিজ কৰিলে এনডিপিপিয়ে

নাগালেণ্ড পিপলছ্ ফ্ৰণ্ট মিত্ৰজোঁট চৰকাৰৰ প্ৰস্তাৱ খাৰিজ কৰিলে এনডিপিপিয়ে

ডিজিটেল সংবাদ, ৱাখাঃ  নাগালেণ্ডৰ বিৰোধী দলৰ নগা পিপলছ্ ফ্ৰণ্টৰ বিধায়কসকলে নেইফিঅ' ৰিঅ'ৰ নেতৃত্বাধীন এন ডি পি পি দলৰ সৈতে মিত্ৰজোঁট চৰকাৰ গঠনৰ পোষকতা কৰি জেলিয়াঙলৈ লিখা এখন চিঠিক লৈ সম্প্ৰতি নাগালেণ্ডৰ ৰাজনীতিত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।

আনহাতে নিজৰ দলৰ নেতা টি আৰ জেলিয়াঙলৈ লিখা চিঠিত নগা পিপলছ ফ্ৰণ্টৰ বিধায়কসকলৰ মাজত যে তীব্ৰ অসন্তুষ্ট গঢ় লৈ উঠিছে সেয়া প্ৰকট হৈ পৰিছে । যোৱা ৬ মাৰ্চত লিখা চিঠিখনত দলৰ নেতা টি আৰ জেলিয়াঙক শাসনাধীস্থ এন ডি পি পিৰ সৈতে মিলি এখন সুস্থিৰ আঞ্চলিক চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল।

ইফালে বিৰোধী এন পি এফ দলৰ নেতা টি আৰ জেলিয়াঙে দলৰ বিধায়কসকলৰ এই পত্ৰ লাভ কৰাৰ কথা স্বীকাৰ কৰিছে । আৰু বিষয়টো আলোচনা কৰিব বাবে শনিবাৰে এক বৈঠক আহবান কৰি দলৰ সভাপতি ছুৰজেলি লিজিৎছুক আমন্ত্ৰণ জনায়। তেওঁ কয় যে- এই সম্পৰ্কে এতিয়ালৈকে এন ডি পি পিলৈ কোনো আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা নাই।

উল্লেখযোগ্য যে, এন পি এফ দলত জেলিয়াঙক ধৰি বৰ্তমান ২৬ জন বিধায়ক আছে । ইফালে নেইফিঅ' ৰিঅ'ৰ দল এন ডি পি পিয়ে  বিৰোধী দল নগা পিপলছ ফ্ৰণ্টৰ এই প্ৰস্তাব খাৰিজ কৰিছে । অৱশ্যে তেওঁলোকে কৈছে যে- এপিএফৰ পৰা বৰ্তমানলৈকে তেনে কোনো মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰস্তাৱ পোৱা নাই।

আনহাতে, এন ডি পি পিয়ে এই কথা স্পষ্ট কৰি দিছে যে এন পি এফৰ চৰকাৰ গঠনৰ কথা ভবা নাই আৰু ভবিষ্যতেও নাভাবে । বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে যে নাগালেণ্ডত বিকল্প চৰকাৰ হ'ব পাৰে তাৰে ইংগিত বহন কৰিছে এন পি এফৰ এই মিত্ৰজোঁট চৰকাৰৰ প্ৰস্তাৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in