পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী…

পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটিছে। যাৰ প্ৰভাৱ এতিয়া দেশৰ ছবি উদ্যোগতো পৰা পৰিছে। কেইবাজনো ভাৰতীয় শিল্পীয়ে পাকিস্তানক কটাক্ষ কৰাও পৰিলক্ষিত হৈছে। শেহতীয়াকৈ নিৰ্দে প্ৰদান কৰা হৈছে যে ভাৰতৰ কোনো শিল্পীয়ে পাকিস্তান পৰোক্ষ বা প্ৰত্যক্ষ ভাবে জড়িত থকা কোনো অনুষ্ঠানতে ভাগ ল'ব নোৱাৰিব।

এনে এক বিষয়ৰ সন্দৰ্ভত ফেডাৰেশ্বন অৱ ইণ্ডিয়া চিনে এমপ্লইজে চমুকৈ FWICE য়ে আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ প্ৰেৰণ কৰিছে জাননী। অহা ১৭ নৱেম্বৰত পাকিস্তানৰ নাগৰিক মুজাম্মা হুনেনৰ দ্বাৰা আমেৰিকাত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতৰ তিনিওগৰাকী বিশিষ্ট কণ্ঠশিল্পীক আমন্ত্ৰণ জনাইছ্ল। কিন্তু এতিয়া FWICEয়ে কণ্ঠশিল্পী কেইগৰাকীক অনুষ্ঠানটোত ভাগ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লখ্য যে, কিছু দিনৰ পূৰ্বে দিলজিৎ দোছাঞ্জে আমেৰিকাত এক অনুষ্ঠানত ভাগ লোৱাৰ কথা আছিল যদিও FWICE এ কণ্ঠশিল্পীগৰাকী অনুষ্ঠানত ভাগ লোৱাত আপত্তি দৰ্শাইছিল। সেই সময়ৰ অনুষ্ঠানটোৰো আয়োজক আছিল এগৰাকী পাকিস্তানী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in