‘মাত্ৰ ২ পইন্টৰ মাজতে সীমাবদ্ধ নহয় ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল, এয়া আত্মসন্মান ৰক্ষাৰ কথা’

‘মাত্ৰ ২ পইন্টৰ মাজতে সীমাবদ্ধ নহয় ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল, এয়া আত্মসন্মান ৰক্ষাৰ কথা’

ডিজিটেল ডেস্কঃ পুলৱামা কাণ্ডৰ পিছতে পাকিস্তান আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰজি উঠিছে ভাৰতীয়সকল। সাহিত্য, সংস্কৃতি, বানিজ্য সকলো দিশতে ভাৰতত পাকিস্তানৰ সৈতে থকা সদ্ভাৱনা এৰাই চলা হৈছে। আনকি ক্ৰীড়া ক্ষেত্ৰতো পৰিছে পাকবিৰোধী প্ৰভাৱ। যাৰ ফলশ্ৰুতিত ২০১৯ত অনুষ্ঠিত হ'বলগা বিশ্বকাপ ক্ৰিকেটত ভাৰত-পাকিস্তানৰ মাজৰ খেল বাতিল কৰাৰ চৰ্চা অব্যাহত আছে।

ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট খেল সন্দৰ্ভত শুকুৰবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থৰুৰে মন্তব্য কৰে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ কথা দোহাৰি সেই সময়তো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেট যুদ্ধত অৱতীৰ্ণ হৈছিল বুলি মন্তব্য কৰে।

তেওঁ কয় যে ১৯৯৯ চনত এফালে কাৰ্গিল যুদ্ধ চলি থকাৰ মাজতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেট খেলিছিল আৰু সদম্ভে জয়লাভ কৰিছিল। আৰু বৰ্তমানেও তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। চলিত বৰ্ষত অনুষ্ঠিত হ'ব লগা বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেল মাত্ৰ খেলত জয়লাভ কৰিবলৈ প্ৰয়োজনীয় ২ পইন্টৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে। এয়া ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ এখন যুদ্ধ হিচাপেও পৰিগণিত হ'ব।

এই ক্ৰিকেট খেল পাকিস্তানে ভাৰতৰ ওচৰত কৰা আত্মসমৰ্পণ হিচাপে চিহ্নিত হ'ব। এক অস্ত্ৰযুদ্ধত অৱতীৰ্ণ নোহোৱাকৈও ভাৰতে পাকিস্তানক পৰাজিত কৰিব পাৰিব বুলি মন্তব্য কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ক্ৰিকেট যদিও যুদ্ধৰ বিকল্প হিচাপে ধৰিব নালাগে, তথাপিও ক্ৰিকেটৰ জৰিয়তে পাকিস্তানক পৰাজিত কৰি সিহঁতক আত্মসমৰ্পনৰ বাবে বাধ্য কৰাব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in