হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…

হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…

ডিজিটেল ডেস্কঃ 'এটি সাধাৰণ ভাষা দেশৰ পক্ষে ভাল। কিন্তু সেয়া ভাৰতত সম্ভৱ নহয়।' -এই মন্তব্য কৰিছে চুপাৰষ্টাৰ ৰজনীকান্তে। হিন্দী ভাষাক দেশৰ সাধাৰণ ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱা আহ্বানক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰজনীকান্তে।

বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত অভিনেতাগৰাকীয়ে কয়, 'কেৱল ভাৰত নহয়, কোনো দেশৰ ঐক্যতা আৰু অগ্ৰগতিৰ বাবে এক দেশ এক ভাষা হোৱাটো আৱশ্যক। কিন্তু আমাৰ ভাৰতবৰ্ষৰ দৰে এখন বিভিন্ন ভাষা-ভাষীৰ দেশত সেয়া সম্ভৱ নহয়। বিশেষকৈ, আপুনি যদি হিন্দী ভাষাক জোৰ কৰি জাপি দিব বিচাৰে, তেন্তে কেৱল তামিলনাডুৱেই নহয়, দক্ষিণ ভাৰতৰ কোনো ৰাজ্যই সেয়া মানি নল'ব।'

উল্লেখ্য ইয়াৰ পূৰ্বে দক্ষিণৰ আন এগৰাকী চুপাৰষ্টাৰ কামাল হাচানেও অমিত শ্বাহৰ নাম উল্লেখ নকৰাকৈ হিন্দী ভাষাৰ প্ৰয়োগ সন্দৰ্ভত মন্তব্য কৰি কৈছিল- 'কোনো শ্বাহ বা চুলতানে আমাৰ ঐক্য সম্প্ৰীতিক নষ্ট কৰিব নোৱাৰে। আমি সকলো ভাষাকে শ্ৰদ্ধা কৰো। কিন্তু আমাৰ মাতৃভাষা সদায় তামিল হৈয়ে থাকিব।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in