বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ বিজেপি দল মানুহ আৰু দেশৰ বাবে সেৱা কৰিবলৈ গঠন হোৱা এটা দল। ই কোনো নিৰ্বাচনত জয়ী হোৱা যন্ত্ৰ নহয়। শনিবাৰে দলৰ কৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বাৰ্তালাপ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীয়ে লগতে কয়, ৰাজনৈতিক মত দিওতাসকলে নিৰ্বাচনক ৰাজনৈতিক দৃষ্টিৰেহে চায়। কিন্তু বিজেপিৰ বাবে দলটো কেৱল নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়।

মানুহৰ আশীৰ্বাদবোৰ ভগৱানৰ আশীৰ্বাদৰ দৰে। জনতা বহু শক্তিশালী। মানুহে দাবী আৰু অনুৰোধ কৰিব। আমি তেওঁলোকৰ বাবে কাম কৰিম আৰু সমাজক বুজিম। যি সমাজে আমাক বিশ্বাস কৰে। এইদৰেও কয় প্ৰধানমন্ত্ৰী মোডীয়ে।

তেওঁ লগতে লকডাউনৰ সময়ত কেনেদৰে বিভিন্ন লোক অসুবিধাত পৰিছিল সেই কথাও কয়। মোডীয়ে কয়, আমাৰ কৰ্মকৰ্তাসকলে লকডাউনৰ সময়ত বিভিন্ন দৰিদ্ৰ লোকক সহায় কৰিলে। বহু ভিতৰোৱা এলেকাত কোভিড-১৯ৰ সময়ত আমাৰ কৰ্মীসকলে সহায়-সহযোগিতা আগবঢ়ালে। তেওঁলোকক টিভিতো দেখুওৱা নাই। 'সেৱা হি সংগম' নামৰ এই বাৰ্তালাপত লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেদৰে জনতাৰ বাবে বিজেপিয়ে কাম কৰিছে সেই কথাও কয়।

নিজা চৰকাৰী আৱাসৰ পৰা মোডীয়ে সম্বোধন কৰা এই অনুষ্ঠানত দিল্লীৰ কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে সংযোগ স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, পীয়ুস গোৱেল, গিৰিৰাজ সিঙৰ লগতে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই।

আন আন ৰাজ্যৰ লগতে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে অসমৰ লগতো সংযুক্ত হয় প্ৰধানমন্ত্ৰীগৰাকী৷ আমিনগাঁৱৰ গড়কাপ্তানি অতিথিশালা সভাগৃহৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ সদস্য সকলে অংশগ্রহণ কৰে। লগতে উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও নিজা বাসগৃহৰ পৰা অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in