নৰৱেত ভেকচিন লোৱাৰ পাছতে ২৩গৰাকী লোকৰ মৃত্যু…

নৰৱেত ভেকচিন লোৱাৰ পাছতে ২৩গৰাকী লোকৰ মৃত্যু…

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবৰ বাবে ভেকচিন উদ্ভাৱনৰ পাছতে বিশ্ববাসীয়ে এতিয়া স্বত্তিৰ নিশ্বাস এৰিছে যদিও শেহতীয়াকৈ নৰৱেত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশৰখনত ভেকচিন লোৱাৰ পাছতে ২৩গৰাকীকৈ বৃদ্ধ লোকৰ মৃত্যুৰ খবৰে চিন্তিত কৰিছে বিশেষজ্ঞ মহলক।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেত প্ৰকাশিত খবৰ অনুসৰি, ২৩গৰাকী বৃদ্ধ লোকৰ মৃত্যুৰ লগতে ভেকচিন লোৱা কেইবাগৰাকীও অৱস্থা বৰ্তমান সংকটজনক। উল্লেখ্য যে, ফাইজাৰ-বায়এনটেক নামৰ ভেকচিন লোৱাৰ পাছতে কিয় এনেদৰে লোকৰ মৃত্যু হৈছে তাক লৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰাৰ লগতে বিশেষজ্ঞ মহলেও পৰীক্ষা আৰম্ভ কৰিছে।

ইফালে চিকিতসকে সদৰি কৰা অনুসৰি, ৮০ৰো উৰ্ধৰ এই লোকসকলে ভেকচিন লোৱাৰ পাছতে অসুস্থ গৈ পৰিছিল। মৃত ২৩গৰাকী ভিতৰত ১৩গৰাকী লোকৰে ডায়েৰিয়া, জ্বৰ, বমি আদিৰ দৰে অসুূবিধাৰ সন্মুখীন হৈছিল। নৰৱেত এই ঘটনাৰ পাছতে ইউৰোপৰ লগতে কেইবাখনো দেশত এই ভেকচিন যোগান বন্ধ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in